নিউজ ডেস্কঃ কৰীনাৰ প্ৰেগনেন্সি বাইবেল কিতাপখনত তেওঁৰ দ্বিতীয় পুত্ৰৰ নাম আৰু ছবি পোহৰলৈ অহাৰ পাছতেই বিভিন্ন জনে চৰ্চা কৰিছে কৰীণা কপুৰ খান আৰু ছইফ আলী খানক।

ছচিয়েল মিডিয়াত বহুজনে ছইফ-কৰীণাক লৈ নানা ধৰণৰ মন্তব্যৰে কটাক্ষয়ো কৰিছে।

ফটোখনত কৰিনাই তেওঁৰ সৰু পুত্ৰৰ কপালত চুমা খাই আছে আৰু জনালে, তেওঁলোকৰ দ্বিতীয় সন্তানৰ নাম ৰাখিলে জাহাংগীৰ আলী খান ।

চলিত বৰ্ষৰ ২১ ফেব্ৰুৱাৰীত তেওঁলোকৰ দ্বিতীয় সন্তানে জন্মগ্ৰহণ কৰে।

কৰীনাই তেওঁলোকৰ দ্বিতীয় পুত্ৰক সামাজিক মাধ্যমৰ পৰা আতৰাই ৰাখিছিল। প্ৰথম পুত্ৰ টাইমুৰ আলী খান ছচিয়েল মিডিয়াত ষ্টাৰ কিডছ হিচাপে বিশেষভাৱে জনপ্ৰিয় আছিল।

এইবাৰ দ্ধিতীয় সন্তানৰ নাম জাহাংগীৰ ৰখাকলৈ নানা ধৰণৰ ট্ৰ’লৰ সন্মুখীন হ’ব লগা হ’ল খান দম্পতী।

কোনোৱে কটাক্ষ কৰি লিখিছে প্রথম পুত্ৰৰ নাম টাইমুৰ আলী খান , দ্বিতীয় পুত্ৰ জাহাংগীৰ আলী খান।এইবাৰ অধীৰ আগ্ৰহৰে ঔৰংগজেৱৰ বাবে অপেক্ষা কৰিছাে ৷

লগতে পঢ়কঃঅবাধ্য ভিনেশ ফ’গাটক কাৰণ দৰ্শোৱাৰ জাননী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply