নিউজ ডেস্কঃ ৰামায়ণৰ সীতাৰ চৰিত্ৰত অভিনয়ৰ বিনিময়ত এগৰাকী বলিউদ অভিনেত্ৰীয়ে বিচাৰিলে ১২ কোটি টকা। সেয়ে লৈ এতিয়া ছ’চিয়েল মিডিয়াত আৰম্ভ হৈছে ট্ৰ’ল।

সেইগৰাকী অভিনেত্ৰী কোন জানেনে ? তেওঁ হৈছে বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী কৰীণা কাপুৰ খান।

কৰীণা কাপুৰ খান শেহতীয়াকৈ টুইটাৰত ট্রেণ্ডিং হৈ পৰিছে ।

অভিনেত্ৰী গৰাকীয়ে ৰামায়ণৰ ওপৰত নিৰ্মিত এখন পৌৰাণিক চলচ্চিত্ৰত সীতাৰ চৰিত্ৰত অভিনয় কৰিব।

অলৌকিক দেশাইৰ দ্বাৰা পৰিচালিত, এই চলচ্চিত্ৰ খনত ৰামায়ণৰ কাহিনীৰ পুনৰাবৃত্তি কৰা হ’ব।

যিখন চলচ্চিত্ৰৰ বাবে কৰীণাই দাবী কৰিছে ১২ কোটি টকা। সাধাৰণতে তেওঁ চলচ্চিত্ৰৰ বাবে ৬-৮ কোটি টকা দাবী কৰে।

এই খবৰ ছ’চিয়েল মিডিয়াত সম্প্ৰতি ভাইৰেল হৈ গৈছে। সীতাৰ চৰিত্ৰত অভিনয় কৰিবলৈ ইমান উচ্চ মাচুল আদায় কৰি কৰীণাই হিন্দু সম্প্ৰদায়ৰ ধৰ্মীয় অনুভূতিক আঘাত কৰিছে বুলি সকলোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

#BoycottKareenaKhan নামৰ ষ্টেটাছেৰে ট্ৰেণ্ডিং হৈ পৰিছে ছ’চিয়েল মিডিয়া। কোনো কোনোৱে কৰীণা কাপুৰ খান এই অভিনয়ৰ বাবে যোগ্যই নহয় বুলিও ট্ৰ’ল কৰিছে ।

আৰু পঢ়কঃদেশত ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে ক’ভিডৰ সংক্ৰমণ; দেওবাৰে ৭০ হাজাৰলৈ নামিল আক্ৰান্তৰ সংখ্যা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply