নিউজ ডেস্ক: দেশে আজি কাৰ্গিল যুদ্ধৰ ২৩ সংখ্যক বিজয় দিৱস উদযাপন কৰিছে। ১৯৯৯ চনৰ এই দিনটোতে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কাৰ্গিল যুদ্ধত বিজয় সাব্যস্ত কৰিছিল। কাৰ্গিল বিজয় দিৱসৰ ২৩সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে সমগ্ৰ দেশতে আজি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।
উল্লেখযোগ্য যে ভাৰতীয় নিয়ন্ত্ৰণ ৰেখাৰ পৰা দখলদাৰী পাকিস্তানী সেনাক খেদি পঠিওৱাৰ উদ্দেশ্যে ১৯৯৯ চনৰ মে’ৰ পৰা জুলাইলৈ কাৰ্গিলত দুয়োখন দেশৰ মাজত যুদ্ধ চলিছিল। উক্ত যুদ্ধত মাতৃভূমিৰ বাবে চহীদ হোৱা বীৰ সৈনিকসকলৰ সন্মানাৰ্থে প্ৰতি বছৰে এই দিৱস পালন কৰা হয়।
সমগ্ৰ দেশৰ জনসাধাৰণৰ লগতে ৰাষ্ট্ৰপতি, প্ৰধান মন্ত্ৰীকে ধৰি ৰাজনৈতিক নেতা, চেলিব্ৰেটিয়ে কাৰ্গিলৰ নায়কসকলক স্মৰণ কৰে। আজি পুৱা লাডাখৰ কাৰ্গিল জিলাৰ ড্ৰাছত থকা কাৰ্গিল যুদ্ধ স্মাৰকত পুষ্পাঞ্জলী অৰ্পন অনুষ্ঠানৰ আয়োজন কৰা হয়।
কাৰ্গিল বিজয় দিৱস উপলক্ষে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাতৃভূমিৰ প্ৰতিৰক্ষাত সৰ্বোচ্চ বীৰত্ব প্ৰদশৰ্ন কৰা দেশৰ বীৰ যোদ্ধাসকলৰ প্ৰতি নিজৰ অভিবাদন জনায়।
ইয়াৰ উপৰি দেশৰ নতুন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও আজি কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ কাৰণে প্ৰাণ আহুতি দিয়া সৈনিকসকলৰ প্ৰতি নিজৰ সন্মান প্ৰদৰ্শন কৰে।
লগতে পঢ়ক – ফেক্ট-চেক: দেশৰ সকলোকে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব স্মাৰ্টফোন?