নিউজ ডেস্কঃ কৰ্ণাটকৰ শিৱমৌগাত বজৰং দলৰ এজন কৰ্মকৰ্তাৰ হত্যাকাণ্ডৰ পাছতে সৃষ্টি হয় হিংসাত্মক ঘটনা। এই ঘটনাক লৈ ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ইফালে, ৰাজ্য চৰকাৰৰ এগৰাকী মন্ত্ৰীয়ে এই সন্দৰ্ভত কয় যে- এই ঘটনাক লৈ হিজাব বিতৰ্কসহ সকলো দিশৰ পৰা তদন্ত কৰি থকা হৈছে।
তেওঁ লগতে কয়- ‘২৬ বছৰীয়া হৰ্ষ নাম বজৰং দলৰ কৰ্মকৰ্তাজনৰ হত্যাকাণ্ডৰে জড়িতৰ অভিযোগত ইতিমধ্যে ১২জন লোকক সোধ-পোছ কৰা হৈছে। আৰু ইয়াৰে দুজন গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।’
উল্লেখ্য যে, এটা দুৰ্বৃত্তৰ দৰে নিশা বাহনত আহি চুৰিৰে আঘাত কৰাৰ পাছতে হৰ্ষৰ মৃত্যু হয়। আনহাতে, এডিজিপি প্ৰতাপ ৰেড্ডীয়ে কয় যে, ‘আমি দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছো। আটাইকেইজন অভিযুক্তকো ইতিমধ্যে চিনাক্ত কৰা হৈছে । আমি শীঘ্ৰেই আটাইকেইজন হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিম। আৰু তাৰপাছতহে এই হত্যাকাণ্ড কিয় সংঘটিত কৰা হ’ল বিষয়ে স্পষ্টকৈ ক’ব পাৰিম।’