নিউজ ডেস্কঃ কৰ্ণাটকত অব্যাহত আছে হিজাব বিবাদ। শিৱমৌগা জিলাৰ দুগৰাকী ছাত্ৰীক বিদ্যালয়ত হিজাব পৰিধান কৰি যোৱা বাধা দিয়াৰ বাবেই পৰীক্ষাত নবহাকৈ ঘূৰি যায়। ইয়াৰে এগৰাকী ছাত্ৰী ষষ্ঠ শ্ৰেণীৰ আৰু আন গৰাকী ছাত্ৰীৰ নৱম শ্ৰেণীৰ বুলি জানিব পৰা গৈছে।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, দুয়োগৰাকী ছাত্ৰীয়ে হিজাব পৰিধান কৰি পৰীক্ষাত বহিবলৈ গৈছিল যদিও বিদ্যালয় কৰ্তৃপক্ষই তেওঁলোকক হিজাব পিন্ধি পৰীক্ষাত বহিব নোৱাৰিব বুলি কোৱাত তেওঁলোকে পৰীক্ষা কেন্দ্ৰৰ পৰা ওলাই গুচি যায়।
অভিযোগ উত্থাপন হৈছে ইয়াৰে এগৰাকী ছাত্ৰীক হিজাব পৰিধান নকৰিলে আইনী প্ৰক্ৰিয়াৰ বাবে সাজু হ’বলৈও ভাবুকি দিয়া হৈছে। ইফালে, ছাত্ৰী দুগৰাকীৰ অভিভাৱকে কয়- ‘এনেকুৱা পূৰ্বে হোৱা নাছিল (হিজাব পিন্ধিবলৈ অনুমতি নিদিয়া)।
লগতে ছাত্ৰীদ্বয়ৰ অভিভাৱকে প্ৰশ্ন কৰে যে- আমাৰ কন্যা সন্তানে হিজাব পৰিধান কৰি পঢঞিব বিচাৰে। যেতিয়া হিন্দু ছাত্ৰীয়ে সিন্দুৰ লয়… ইশাই ছাত্ৰীয়ে মালা পৰিধান কৰে তেতিয়া? আমাৰ সন্তানে হিজাব পৰিধান কৰিলে কি ভুল হ’ল?