নিউজ ডেস্কঃ কৰ্ণাটক হিজাব বিতৰ্কক লৈ বৃহস্পতিবাৰে পুনৰ উচ্চ ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হয়। আৱেদনকাৰীৰ পক্ষৰ পৰা নিজৰ তথ্য সমূহ দাঙি ধৰে অধিবক্তাই। অৱশ্যে আজিও এই সন্দৰ্ভত ন্যায়ালয়ে কোনো ৰায় প্ৰদান নকৰিলে আৰু শুকুৰবাৰে পুনৰ শুনানি গ্ৰহণ কৰা হ’ব বুলি জনায়।
বৃহস্পতিবাৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ আগত ৫ গৰাকী ছাত্ৰীক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা এএম ডাৰে কয় যে- হিজাবৰ ক্ষেত্ৰত কৰ্ণাটক চৰকাৰে দিয়া নিৰ্দেশে হিজাব পৰিধান কৰা প্ৰতিগৰাকী লোকৰ ওপৰতে প্ৰভাৱ পেলাব। আৰু এই চৰকাৰৰ এই নিৰ্দেশ অসংবিধানিক।
ইয়াৰ পূৰ্বে, বুধবাৰেও এই হিজাব বিতৰ্ক সন্দৰ্ভত শুনানি গ্ৰহণ কৰা হৈছিল ন্যায়ালয়ত। ন্যায়ালয়ত অধিবক্তা ৰবি শৰ্মা কুমাৰে কয়- ‘কেৱল হিজাবক লৈ কিয় এনেকুৱা হৈছে? উৰণি, পগড়ীৰ দৰে বহুবোৰ ধাৰ্মিক প্ৰতীক চিহ্নবোৰোতো প্ৰতিদিনাই হাজাৰ হাজাৰ লোকে পৰিধান কৰে। মই সমাজৰ সকলো শ্ৰেণীৰ ধাৰ্মিক প্ৰতীকসমূহৰ বিষয়ে ক’ব বিচাৰিছো। চৰকাৰে কিয় কেৱল হিজাবক লৈ ভেদ ভাৱ প্ৰদৰ্শন কৰিছে। বাকী উৰণি, পগড়ী, খাৰু এইবোৰ ধাৰ্মিক প্ৰতীক নহয় নেকি? কেৱল এই দৰিদ্ৰ মুছলমান ছাত্ৰীসকলক কিয় লক্ষ্য কৰি লোৱা হৈছে?’