নিউজ ডেস্কঃ কোৰোনা ভাইৰাছৰ সংক্ৰমণ ক্ৰমান্বয়ে দেশত পুনৰ বৃদ্ধি পাবলৈ ধৰিছে। বলিউডৰ জনপ্ৰিয় অভিনেতা কাৰ্তিক আৰয়ান আক্ৰান্ত হৈছে কোভিড-১৯ত।

আজি কোভিড-১৯ পজিটিভ ধৰা পৰে অভিনেতাগৰাকীৰ দেহত। উল্লেখ্য যে, কাৰ্তিকে আবু ঢাবিত অনুষ্ঠিত হ’বলগীয়া IIFA ২০২২ত উপস্থিত থাকিবলগীয়া আছিল যদিও কোৰোনাত আক্ৰান্ত হোৱাৰ পাছত তেওঁ ঘৰতে থাকিবলগীয়া হৈছে।

শনিবাৰে ইনষ্টাগ্ৰামত কোৰোনাত আক্ৰান্ত হোৱা কথা জনাইছে কাৰ্তিক আৰয়ানে। লগতে অভিনেতাগৰাকীয়ে লিখিছে- ”সকলোবোৰ পজিটিভ চলি আছিল, সেয়েহে কোভিডো পিছ পৰি নাথাকিল।”

উল্লেখ্য যে, যোৱা ২০ মে’, ২০২২ত মুক্তি পাইছিল কাৰ্তিক আৰয়ানে অভিনয় কৰা ছবি ‘Bhool Bhulaiyaa 2’ । ছবিখনে ১৯২.০৯ কোটি টকা উপাৰ্জন কৰে বক্স অফিচত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply