নিউজ ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক বিহা হৈছে ২০,০০০ টকাৰ জৰিমনা। গুজৰাট উচ্চ ন্যায়ালয়ে আজি কেজৰিৱালৰ ওপৰত লগাই এই বৃহৎ পৰিমাণৰ জৰিমনা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰী দাবী কৰাৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ওপৰত জৰিমনা আৰোপ কৰা হৈছে।
মুখ্যমন্ত্ৰী কেজৰিৱালে ২০১৬ চনৰ এপ্ৰিলত কেন্দ্ৰীয় তথ্য আয়োগলৈ এখন পত্ৰ লিখি প্ৰধানমন্ত্ৰী মোডীৰ শিক্ষাগত অৰ্হতা সম্পৰ্কীয় তথ্য ৰাজহুৱা কৰাৰ দাবী জনাইছিল। তেওঁ পত্ৰখনত লিখিছিল যে, এই বিষয়ত যিকোনো বিভ্ৰান্তি দূৰ কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীৰ ডিগ্ৰীটো ৰাজহুৱা কৰিব লাগে।
তাৰ পিছতেই কেন্দ্ৰীয় তথ্য আয়োগে প্ৰধানমন্ত্ৰী কাৰ্যালয় (PMO) ৰ জন তথ্য বিষয়া (PIO) আৰু গুজৰাট বিশ্ববিদ্যালয় আৰু দিল্লী বিশ্ববিদ্যালয়ৰ পিআইঅ’ক মোডীৰ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীসমূহৰ বিৱৰণ দাখিল কৰিবলৈ নিৰ্দেশ দিছিল।
কেন্দ্ৰীয় তথ্য আয়োগৰ এই নিৰ্দেশনা পিছতেই গুজৰাট বিশ্ববিদ্যালয়ে প্ৰত্যাহ্বান জনাইছিল। মোডীৰ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীসমূহৰ বিৱৰণ দাখিল কৰাৰ বিৰুদ্ধে গুজৰাট উচ্চ ন্যায়ালয়ত গুজৰাট বিশ্ববিদ্যালয়ে আবেদন দাখিল কৰে।
গুজৰাট উচ্চ ন্যায়ালয়ৰ একক ন্যায়াধীশ বিচাৰপীঠৰ ন্যায়াধীশ বীৰেন বৈষ্ণৱে আজি কেন্দ্ৰীয় তথ্য আয়োগৰ (চিআইচি) ২০১৬ চনৰ আদেশ বাতিল কৰে। আৰু কোনো তথ্য চিআইচি ক দাখিল কৰাৰ প্ৰয়োজন নাই বুলি PMO ৰ জন তথ্য বিষয়া আৰু গুজৰাট বিশ্ববিদ্যালয় আৰু দিল্লী বিশ্ববিদ্যালয়ৰ পিআইঅ’ক নিৰ্দেশ দিয়ে।
যিহেতু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ইয়াৰ আবেদনৰ আৰম্ভণি কৰিছিল সেইবাবে তেওঁক ২০,০০০ টকাৰ জৰিমনা বিহে। কেজৰিৱালে জৰিমনা বিহিব লগীয়া ধনখিনি গুজৰাটৰ ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণত জমা কৰা হ’ব বুলি ন্যায়াধীশ বীৰেন বৈষ্ণৱে কয়।
গুজৰাট উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত, অৰবিন্দ কেজৰিৱালেও ইয়াৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি টুইট কৰি লিখিছে যে, “দেশখনে তেওঁলোকৰ প্ৰধানমন্ত্ৰীয়ে কিমান অধ্যয়ন কৰিছে সেইয়া জানিবলৈ অধিকাৰ নাই নেকি? আদালতত, তেওঁলোকে ডিগ্ৰীটো দেখুওৱাৰ বাবে তীব্ৰ বিৰোধিতা কৰিছিল, কিয়? আৰু যিসকলে তেওঁলোকৰ ডিগ্ৰী চাবলৈ দাবী কৰে তেওঁলোকক জৰিমনা বিহা হ’ব নেকি? এইটো কি হৈ আছে? নিৰক্ষৰ বা কম শিক্ষিত প্ৰধানমন্ত্ৰী দেশৰ বাবে অতি বিপদজনক” ।
বিশ্ববিদ্যালয়ৰ হৈ আদালতত উপস্থিত থকা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে, প্ৰধানমন্ত্ৰী মোডীৰ ডিগ্ৰী ইতিমধ্যে ৰাজহুৱা ক্ষেত্ৰত আছে। আৰটিআইৰ অধীনত ডিগ্ৰীটোৰ তথ্য তৃতীয় ব্যক্তিৰ ওচৰত তথ্য প্ৰকাশ কৰাৰ বাবে কোনো বাধ্যবাধকতা নাই। বিশ্ববিদ্যালয় বোৰক ডিগ্ৰী প্ৰকাশ কৰিবলৈ বাধ্য কৰিব নোৱাৰি, বিশেষকৈ যেতিয়া ই ৰাজহুৱা স্বাৰ্থৰ বিষয় নহয়।
লগতে মেহতাই কয়, কোনো অযুক্তিকৰ দাবী পূৰণ কৰিবলৈ কোনো তথ্য দিব নোৱাৰি। এই তথ্য প্ৰধানমন্ত্ৰীৰ কামৰ সৈতে কোনো সম্পৰ্ক নাই। গণতন্ত্ৰত, পদত অধিষ্ঠিত ব্যক্তিজন চিকিৎসক নে নিৰক্ষৰ ব্যক্তি সেয়া গুৰুত্বপূৰ্ণ নহয়।
উল্লেখযোগ্য যে, মোডীৰ নিৰ্বাচনী দস্তাবেজ অনুসৰি, তেওঁ ১৯৭৮ চনত গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী আৰু ১৯৮৩ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে।
লগতে পঢ়ক – নতুনকৈ নিৰ্মাণ হৈ থকা সংসদ ভৱন পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে