নিউজ ডেস্কঃ বৰ্তমান সময়ত ছচিয়েল মিডিয়াই যিকোনো এগৰাকী ব্যক্তিক এনিশাৰ ভিতৰতে চেলিব্ৰিটীৰ শাৰীত থিয় কৰাই দিব পাৰে। এয়া ছচিয়েল মিডিয়াৰ শক্তি। পুনৰ ছচিয়েল মিডিয়াই ইয়াৰ শক্তি যেন প্ৰদৰ্শন কৰিছে। কিছুদিন পূৰ্বে বেলুন বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা এগৰাকী যুৱতীক এনিশাৰ ভিতৰতে হৈ পৰিল জনপ্ৰিয় তাৰকা।
দৰাচলতে, কিছুদিন পূৰ্বে ছচিয়েল মিডিয়াত কেৰালাৰ এগৰাকী যুৱতীৰ ফটো আপলোড কৰা হৈছিল। যুৱতীগৰাকীয়ে কেৰালাৰ এটা মন্দিৰৰ বাহিৰত বেলুন বিক্ৰী কৰি আছিল। আৰু ছচিয়েল মিডিয়াত ফটো আপলোড কৰাৰ পাছতে যুৱতীগৰাকীৰ ফটো ভাইৰেল হৈ পৰে।
বেলুন বিক্ৰী কাৰ ফটোৰ পাছত মেক-আপ কৰি মডেল হিচাপে যুৱতীগৰাকীৰ তোলা ফটো যেতিয়া ছচিয়েল মিডিয়াত আপলোড কৰা হয় তাৰপাছত কোনেও ক’ব নোৱাৰে যে এই দুয়োখন ফটো এগৰাকী যুৱতীৰ। জানিব পৰা মতে, কেৰালাৰ এই যুৱতীগৰাকীৰ নাম কিসবো ম’ল।
কম বয়সতে পিতৃক হেৰুওৱা কিসবোৱে বেলুন বিক্ৰী কৰিলে নিজৰ লগতে পৰিয়ালকো পোহপাল দি গৈছে। দৰিদ্ৰতাৰ হাতোৰা মূৰত পৰাৰ পাছত কিসবোৱে বেলুন বিক্ৰী কৰি দুই-এটকা উপাৰ্জন কৰি মাতৃ আৰু নিজৰ প্ৰয়োজনবোৰ সম্পূৰ্ণকৈ পূৰণ নোৱাৰে। কিন্তু এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পাছতে কিসবোৰ জীৱন সলনি হৈ গৈছে।