নিউজ ডেস্কঃ চাৰি গৰাকী কিশোৰক যৌন উৎপীড়ন চলোৱাৰ অপৰাধত কেৰেলাৰ এগৰাকী খ্ৰিষ্টিয়ান ধৰ্মযাজকক ১৮ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহা হৈছে। যাজক গৰাকীয়ে ৫ বছৰ পূৰ্বে কেৰেলাৰ কোল্লাম জিলাৰ এখন ছেমিনাৰিৰ ৪ গৰাকী কিশোৰক যৌন উৎপীড়ন চলাইছিল।
অভিযুক্ত যাজক গৰাকীক চেন্নাইস্থিত SDM minor seminary -ৰ সদস্য ফাডাৰ থ’মাছ পাৰেকুলাম (৩৫) বুলি চিনাক্ত কৰা হৈছে। যাজক গৰাকীৰ বিৰুদ্ধে POCSO আইন আৰু ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৭৭ৰ অধীনত ৰুজু হৈ থকা এটা গোচৰত অপৰাধী সাব্যস্ত কৰা হয়।
জানিব পৰা মতে অপৰাধ সংঘটিত হোৱাৰ সময়ত আটাইকেইগৰাকী ভুক্তভোগীৰ বয়স ১৬ বছৰ আছিল আৰু তেওঁলোক যাজক গৰাকীয়ে ৰেক্টৰ হিচাপে থকা পুল্লামালা জিলাৰ এখন ছেমিনাৰিৰ ছাত্ৰ আছিল।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা অভিযুক্ত যাজক গৰাকীক পিছত চেন্নাইত গ্ৰেপ্তাৰ কৰা হয়। ঠিৰুভনান্থাপুৰমৰ শিশু কল্যাণ সমিতিয়ে দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত যাজক গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয় বুলি আৰক্ষীয়ে লগতে জনায়।
লগতে পঢ়ক – কৰিমগঞ্জত বিদ্যুৎপৃষ্ট হৈ দুটা হোলোক গিবনৰ মৃত্যু; আহত এটা