নিউজ ডেস্ক: সমগ্ৰ বিশ্বতে ক’ভিড লকডাউন চলি থকাৰ সময়ত নিৰ্মাণ কৰি তোলা এখন বিমানেৰে এতিয়া পৰিয়ালসহ ইউৰোপ ভ্ৰমণ কৰি আছে কেৰেলাৰ অশোক আলিছেৰিল থামাৰৰক্ষন নামৰ এজন লোকে।

কেৰেলাৰ আলাপুজা (Alappuzha)-ৰ বাসিন্দা অশোকক বিমানখন নিৰ্মাণ কৰিবলৈ সময় লাগিল ১৮ মাহ। অশোক বৰ্তমান কৰ্মসূত্ৰে লণ্ডনত থাকে।

তেওঁ ২০০৬ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভৰ বাবে ব্ৰিটেইনলৈ যায় আৰু বৰ্তমান ফৰ্ড মটৰ কোম্পানীত কৰ্মৰত অশোকে প্ৰায় ১৮ মাহত চাৰিখন আসনযুক্ত এই বিমানখন নিৰ্মাণ কৰি তুলিছিল বুলি বাতৰিত প্ৰকাশ পাইছে। ‘Sling TSI’ মডেলৰ উক্ত বিমানখন তেওঁ নিজৰ সৰু কন্যা ডিয়াৰ নামেৰে নামাকৰণ কৰিছে।

এতিয়া, তেওঁ আৰু তেওঁৰ পৰিয়ালে তেওঁলোকৰ তেওঁলোকৰ বিমান ‘G-Diya’ উঠি ব্ৰিটেইন ভ্ৰমণ কৰি আছে।

উল্লেখযোগ্য যে অশোক আলিছেৰিল থামাৰক্ষনৰ নিজা পাইলট লাইচেঞ্চ আছে আৰু তেওঁ ইতিধ্যে তেওঁ পৰিয়ালৰ সৈতে নিজে নিৰ্মাণ কৰা চাৰিখন আসনযুক্ত বিমানখনত অষ্ট্ৰিয়া, চেক গণৰাজ্য আৰু জাৰ্মানি ভ্ৰমণ কৰা বুলি জানিব পৰা গৈছে। উক্ত বিমানখন নিৰ্মাণ খৰচ হৈছে প্ৰায় ১.৮ কোটি টকা।

বিমানখন নিৰ্মাণ কৰা সম্পৰ্কে তেওঁ কয়, ”মই ২০১৮ চনত পাইলটৰ লাইচেন্স লাভ কৰিছিলো। প্ৰথম অৱস্থাত মই দুজনীয়া হেলিকপ্টাৰ ভাড়াত লৈছিলো। কিন্তু পৰিয়ালটোত চাৰিজন সদস্য আছে। চাৰিজনীয়া বিমান প্ৰায়েই পোৱা নাযায়। গতিকে, মই নিজেই এখন বিমান বনাবলৈ সিদ্ধান্ত লৈছিলো।”

কেৰেলাৰ প্ৰাক্তন বিধায়ক এ ভি থামাৰৰক্ষনৰ পুত্ৰ অশোক আলিছেৰিল থামাৰক্ষনে পলাক্কাড ইঞ্জিনিয়াৰিং কলেজৰ পৰা বি-টেক সম্পূৰ্ণ কৰিছে।

লগতে পঢ়ক – উত্তৰ-পূবত খোপনি পুতিবলৈ চেষ্টা চলাই আছে বহু কেইটা সন্ত্ৰাসবাদী সংগঠনে: আৰক্ষী সঞ্চালক প্ৰধান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply