নিউজ ডেস্ক : অৱশেষত লকডাউনৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হ’ল কেৰেলা চৰকাৰ। কভিডৰ ভয়াবহ সংক্ৰমণ ৰোধৰ বাবে বিকল্প পথ নাই কেৰেলাৰ চৰকাৰৰ সন্মুখত। কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে ৰাজ্যখনত লকডাউন দিয়াৰ কথা ঘোষণা কৰিলে। ৮ মে’ৰ পৰা আৰম্ভ হ’ব কেৰেলাত লকডাউন।

সমগ্ৰ দেশতে কভিডৰ তাণ্ডৱলীলা। প্ৰতিদিনে দেশত লক্ষাধিক লোক নতুনকৈ কভিডত আক্রান্ত হৈ থকাৰ সমান্তৰালে মৃত্যু ঘটি আছে হাজাৰ হাজাৰ কভিড আক্রান্ত ৰোগীৰ। বিশেষকৈ দেশৰ ৰাজধানীৰ লগতে উত্তৰ ভাৰতৰ ৰাজ্য সমূহত কভিড মহামাৰীয়ে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে।

উত্তৰ ভাৰতত কভিডৰ সংহাৰী ৰূপ অব্যাহত থকাৰ পিছতে এইবাৰ দক্ষিণ ভাৰতত দেখিবলৈ পোৱা গৈছে কভিড ভয়াবহ সংক্ৰমণ। দক্ষিণ ভাৰতৰ শেহতীয়া পৰিস্থিতি প্ৰতি লক্ষ্য ৰাখি কেৰেলা চৰকাৰে লকডাউনৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। কেৰেলা চৰকাৰে ৰাজ্যখনত ৯ দিনৰ বাবে লকডাউন দিয়াৰ সিন্ধান্ত গ্ৰহণ কৰিছে। অহা ৮ মে’ৰ পুৱা ৬ বজাৰ পৰা ১৬ মে’ পৰ্যন্ত কেৰেলাত লকডাউন দিয়াৰ কথা ঘোষণা কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে।

উল্লেখ্য যে কেৰেলাত বিগত কিছুদিন ধৰি কভিড মহামাৰীৰ ভয়াবহ সংক্ৰমণ ঘটা দেখিবলৈ পোৱা গৈছে। বিগত ২৪ ঘণ্টাত সমগ্ৰ দেশতে নতুনকৈ ৪ লক্ষাধিক লোক কভিডত আক্রান্ত হোৱাৰ পৰিবৰ্তে কেৰেলাত আক্ৰান্ত হৈছে ৪১,৯৫৩ জন লোক। আনহাতে বিগত ২৪ ঘণ্টাত কেৰেলাত মৃত্যু হৈছে ৫৮ জনকৈ কভিড আক্রান্ত ৰোগীৰ।লকডাউনৰ সময়ত কেৰেলাত জৰুৰীকালীন সেৱাসমূহ মুকলি থকাৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ বিক্ৰীৰ অনুমতি থাকিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply