নিউজ ডেস্ক: কাশ্মীৰক লৈ দিয়া এটা টুইটত কেন্দ্ৰ কৰি বিপদত পৰিছে ফাষ্ট ফুড ৰেষ্টুৰেন্ট চেইন KFC। যোৱা ৫ ফেব্ৰুৱাৰীত ‘কাশ্মীৰ দিৱস’ উপলক্ষে KFC পাকিস্তানৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত কাশ্মীৰৰ প্ৰতি ‘সমৰ্থন’ প্ৰকাশ কৰি শ্বেয়াৰ কৰা এটা টুইটত কেন্দ্ৰ কৰি সামাজিক মাধ্যমত বিতৰ্কৰ সূত্ৰপাত ঘটে।

উক্ত টুইটটো ভাইৰেল হৈ পৰাৰ পিছতে ব্ৰেণ্ডটোক ভাৰতৰ বিভিন্ন লোকে গৰিহণা জনোৱাৰ লগতে টুইটাৰত #BoycottKFC ট্ৰেণ্ডিং হৈ উঠে। পিছত টুইটটো ডিলিট দৰি দিয়া হয় যদিও নেটিজেন সকলৰ মাজত টুইটটোৰ স্ক্ৰিনশ্বট শ্বেয়াৰ হৈ থকা দেখা গৈছে।

উল্লেখযোগ্য যে পাকিস্তানত ৫ ফেব্ৰুৱাৰীৰ দিনটো ‘কাশ্মীৰ সংহতি দিৱস’ হিচাপে পালন কৰা হয়। উক্ত ‘দিৱস’ৰ সৈতে সংগতি ৰাখি যোৱা শনিবাৰে দেশখনত থকা KFC-ৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত ‘You never left our thoughts and we hope that the coming years bring peace to you!’ আৰু ‘KASHMIR BELONGS TO THE KASHMIRIS’ বুলি টুইট দিয়া হৈছিল।

উক্ত টুইটক কেন্দ্ৰ কৰি ভাৰতত নেটিজেন সকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত সোমবাৰে KFC India-ই টুইট কৰি ক্ষমা বিচাৰে।

‘দেশৰ বাহিৰৰ KFC-ৰ কোনো ছ’চিয়েল মিডিয়া চেনেলত প্ৰকাশ পোৱা প’ষ্টৰ বাবে আমি ক্ষমা বিচাৰিছো। আমি ভাৰতক শ্ৰদ্ধা আৰু সন্মান কৰো আৰু সকলো ভাৰতীয়ক গৌৰৱেৰে সেৱা আগবঢ়াই যোৱাৰ প্ৰতি থকা আমাৰ প্ৰতিশ্ৰুতিত অটল আছো,’ ব্ৰেণ্ডটোৱে প্ৰকাশ কৰা এখন প্ৰেছ বিজ্ঞপ্তিত কোৱা হয়।

KFC-ক সমালোচনা কৰি দিয়া কেইটামান টুইট –

লগতে পঢ়ক – আন্তঃজিলা মহিলা ক্ৰিকেট প্ৰতিযোগিতাত বোকাখাতৰ অগ্ৰগতি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply