নিউজ ডেস্কঃ ভাৰতৰ ছবি জগতত প্ৰতি বছৰে শতাধিক চলচ্চিত্ৰ নিৰ্মাণ কৰা হয়। ছবিসমূহ হিট হৈ যোৱাৰ পাছত সেই ফিল্মৰ বিশেষ কিছুমান সংলাপ বা নৃত্য দৰ্শকসকলেও ব্যৱহাৰ কৰে। বৰ্তমান সময়ত অৱশ্যে ভাৰতত বলিউডতকৈ দক্ষিণ ভাৰতৰ ছবিসমূহে অধিক উপাৰ্জন কৰাৰ লগতে অভিলাখো গঢ়িছে আৰু সমগ্ৰ দেশৰ দৰ্শকৰ হৃদয়তে এক বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

কিন্তু মাজে-মধ্যে এনেও ঘটনা সংঘটিত হয় যে, এই ছবিসমূহৰ মুখ্য চৰিত্ৰৰ ষ্টাইল অৰ্থাৎ কথা কোৱাৰ শৈলী বা তেওঁলোকে যি কৰে তেনেধৰণে বাস্তৱ জীৱনতো একাংশই কৰিবলৈ চেষ্টা চলায়। ২০২২ বৰ্ষৰ ভাৰতৰ আটাইতকৈ বেছি জনপ্ৰিয় তথা হিট ছবি KGF Chapter 2 চোৱাৰ পাছত এটি কিশোৰে যি কৰিলে সেই জানিলে আপুনিও আচৰিত হৈ পৰিব।

হায়দৰাবাদৰ ১৫ বছৰীয়া কিশোৰটিয়ে KGF Chapter 2ৰ মুখ্য চৰিত্ৰ ৰকী ভাই(Rocky Bhai)ৰ পৰা অনুপ্ৰাণিত হৈ সম্পূৰ্ণ এটা পেকেট চিগাৰেট সেৱন কৰে। এটা সম্পূৰ্ণ চিগাৰেট পেকেট সেৱন কৰাৰ পাছত কিশোৰটিৰ ডিঙিত তীব্ৰ বিষ আৰু কাঁহ হোৱাত ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰা হয়। তাৰপাছত শনিবাৰে হায়দৰাবাদৰ চেঞ্চুৰী হাস্পতালৰ চিকিৎসকে কিশোৰজনৰ সফলতাৰে চিকিৎসা কৰি বুলি ঘোষণা কৰে।

এই ঘটনা সন্দৰ্ভত চিকিৎসক ডাঃ ৰোহিত ৰেড্ডী পাথুৰীয়ে কয় যে- ”কিশোৰ-কিশোৰীসকলে ৰকী চৰিত্ৰটোৰ দ্বাৰ সহজেই প্ৰভাৱিত হয়। এই ক্ষেত্ৰত সৰু ল’ৰাজনে চিগাৰেটৰ এটা সম্পূৰ্ণ পেকেট সেৱন কৰিলে আৰু গুৰুতৰভাৱে অসুস্থ হৈ পৰিল। চিনেমা আমাৰ সমাজত এক প্ৰভাৱশালী মাধ্যম তথা উপাদান। চিগাৰেট সেৱন কৰা বা ধঁপাত-মদ্যপান সেৱন কৰা আদি কামবোৰক গ্লেমাৰাইজ নকৰাৰ নৈতিক দায়িত্ব চিনেমা নিৰ্মাতা আৰু অভিনেতাসকলৰ।”

উল্লেখযোগ্য যে, KGF Chapter 2ৰ পৰিচালনা কৰিছে প্ৰশান্ত নীলে। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে দক্ষিণৰ জনপ্ৰিয় অভিনেতা যশ, বলিউডৰ জনপ্ৰিয় অভিনেতা সঞ্জয় দত্ত, অভিনেত্ৰী ৰবীনা টেণ্ডন আৰু শ্ৰীনিধি শ্বেট্টীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply