নিউজ ডেস্কঃ খালিস্তান ৰ সমৰ্থক ৱাৰিছ পঞ্জাৱ দে ৰ প্ৰধান অমৃত পাল সিঙৰ সমৰ্থনত সোমবাৰে লণ্ডন আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰত মৌলবাদী শিখৰ এক বৃহৎ প্ৰতিবাদ কৰা দেখা গ’ল। মৌলবাদী শিখৰ দলটোৱে লণ্ডনত ভাৰতীয় দূতাবাস অর্থাৎ ইণ্ডিয়ান হাই কমিছনৰ সন্মুখত প্ৰতিবাদ আৰু কাৰ্যালয়ত আক্ৰমণ কৰাৰ লক্ষ্য কৰি লয়।
খালিস্তান ৰ সমৰ্থক সকলে ইণ্ডিয়ান হাই কমিছনৰ পৰা ভাৰতীয় ৰাষ্ট্ৰীয় পতাকা নমাই দিয়ে আৰু খালিস্তানৰ সমৰ্থনত শ্ল’গান দি পৰিস্থিতি উত্তপ্ত কৰি তোলে। মৌলবাদী শিখ দলটোৱে অমৃত পাল সিঙৰ ফটো থকা বেনাৰ লৈ হাই কমিছনৰ সম্পত্তি লণ্ডভণ্ড কৰে।
একাংশয়ে ভাৰতীয় ৰাষ্ট্ৰীয় পতাকা নমাই খালিস্তানী পতাকা উত্তোলন কৰাৰো চেষ্টা চলায়। লগতে, দূতাবাসৰ দেৱালত “খালিস্তান জিন্দাবাদ” বুলিও লিখা দেখা গ’ল।
একে দৃশ্য মার্কিন যুক্তৰাষ্ট্ৰৰ ছানফ্ৰান্সিছকো মহানগৰীত থকা ভাৰতীয় উপ-দূতাবাসতো দেখা গ’ল। অমৃত পালৰ সমৰ্থনত শ্ল’গান দি খালিস্তানী সকলে উপ-দূতাবাসৰ মূল প্ৰৱেশদ্বাৰ ভাঙি বিক্ষোপ প্ৰতিবাদ কৰে আৰু খালিস্তানী পতাকা উৰুৱায়।
ইপিনে, ইণ্ডিয়ান হাই কমিছনত মৌলবাদী শিখে ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাক অসন্মান কৰা কাৰ্যৰ বিৰুদ্ধে শিখ সম্প্রদায়ে ব্ৰিটিছ হাই কমিছনত প্রতিবাদ সাব্যস্ত কৰে।
উল্লেখযোগ্য যে, ৱাৰিছ পঞ্জাৱ দে ৰ প্ৰধান অমৃত পাল সিঙ এতিয়াও পলাতক হৈ আছে। যাৰ বাবে পঞ্জাৱ আৰক্ষীয়ে পলাতক অমৃত পাল সিঙৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। পঞ্জাৱৰ আৰক্ষীয়ে সোমবাৰে জনোৱা অনুসৰি বৰ্তমানলৈকে ১১৪ জন খালিস্তানীক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হৈছে। খালিস্তানী সকলে যাতে কোনো উৰাবাতৰি বিয়পাব নোৱাৰে তাৰ বাবে ৰাজ্যখনত ইণ্টাৰনেট কৰ্টন কৰি ৰখা হৈছে।
লগতে পঢ়ক – Indian Grand Prix-1 ত স্বৰ্ণ পদক অৰ্জন হিমা দাসৰ