নিউজ ডেস্কঃ ১৬ মাৰ্চৰ পৰা ১২-১৪ বছৰ আৰু ১৩-১৪ বছৰ বয়সৰ কিশোৰ-কিশোৰীক প্ৰদান কৰা হ’ব কোভিড-১৯ ভেকচিন।

স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি হায়দৰাবাদস্থিত বায়’লজিকেল-ই দ্বাৰা নিৰ্মিত কৰ্বেভাক্স নামৰ কোভিড ভেকচিন প্ৰদান কৰা হ’ব কিশোৰ-কিশোৰীক। কৰ্বেভেক্স হৈছে কোভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিয়া ভাৰতৰ প্ৰথম নিজস্ব ভাৱে বিকশিত ৰিচেপ্টৰ বাইণ্ডিং ডমেইন (আৰবিডি) প্ৰ’টিন চাব ইউনিট ভেকচিন।

লগতে পঢ়কঃকানাডাত সংঘটিত এক পথ দুৰ্ঘটনাত ৫জন ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যু,আহত ২

২১ ফেব্ৰুৱাৰীত ১২-১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীৰ বাবে কৰ্বেভাক্সক জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদন প্ৰদান কৰা হৈছিল।

ইতিমধ্যে চলিত টিকাকৰণ কাৰ্যসূচীৰ অধীনত ১৪ বছৰৰ অধিক বয়সৰ কিশোৰ-কিশোৰীক কোভিড ভেকচিন প্ৰদান কৰা হৈছে।

আনহাতে, কেন্দ্ৰীয় চৰকাৰে ৬০বছৰতকৈ অধিক বয়সৰ লোকসকলৰ বাবে কোভিড-১৯ৰ তৃতীয় পালি ভেকচিন লোৱাৰ বাবে যোগ্য বুলি সদৰী কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,578 other subscribers

Leave a comment

Leave a Reply Cancel reply