নিউজ ডেস্কঃ তীব্ৰগতিত সংক্ৰমিত হৈছে কৰোনা ভাইৰাছ।
দেশত প্ৰতিদিনে লক্ষাধিক লোক কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে।
শেহতীয়াকৈ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজু আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত।
মন্ত্ৰী গৰাকীয়ে ছচিয়েল মিডিয়াত এই বিষয়ে অবগত কৰি পোষ্ট কৰিছে।
কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী ৰিজিজুৱে উত্তৰাখণ্ডৰ তেহৰিত এটা ক্ৰীড়া প্ৰকল্প উদ্বোধন কৰিবলৈ গৈছিল তাতেই তেওঁ কোভিডত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰা হৈছে।
শনিবাৰে কৰা কোভিড পৰীক্ষাত তেওঁৰ ৰিজাল্ট পজিটিভ আহে।
বৰ্তমান ডাক্তৰৰ পৰামৰ্শমতে হোম কোৱাৰেন্টাইনত আছে কিৰেন ৰিজেজু।
তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে স্বাস্থ্য পৰীক্ষা কৰাবলৈ আহ্বান জনাইছে মন্ত্ৰী গৰাকীয়ে।
ভাৰতত নতুনকৈ ২লাখ ৩৪ হাজাৰ ৬৯২জন লোক কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। এই ৰোগত ২৪ ঘন্টাত মৃত্যু হৈছে প্ৰায় ১৩০০লোক।
সক্ৰিয় ৰোগীৰ সংখ্যা ১৬,৭৯,৭৪০জন। আনহাতে এই ৰোগত শেহতীয়াকৈ ২৪ ঘন্টাত আৰোগ্য হোৱা ৰোগীৰ সংখ্যা ১,২৩,৩৫৪জন।
সৰ্বমুঠ আৰোগ্য হোৱা ৰোগীৰ সংখ্যা ১,২৬,৭১,২২০গৰাকী।