নিউজ ডেস্ক: বলিউডৰ জনপ্ৰিয় গায়ক কে কেৰ মৃত্যুক কেন্দ্ৰ কৰি এতিয়া পশ্চিমবংগত ৰাজনীতি আৰম্ভ হৈ গৈছে। বিজেপিয়ে গায়কজনৰ মৃত্যুৰ বাবে মমতা বেনাৰ্জী নেতৃত্বাধীন পশ্চিমবংগ চৰকাৰক দায়ী কৰি ইয়াৰ এক নিৰপেক্ষ তদন্তৰ দাবী জনাইছে।

আনহাতে বিজেপিৰ এই দাবীৰ পিছতে তৃণমূল কংগ্ৰেছে শিল্পী গৰাকীৰ দুৰ্ভাগ্যজনক মৃত্যুক লৈ ৰাজনীতি নকৰিবলৈ গেৰুৱা দলটোক সকিয়াই দিয়ে।

উল্লেখযোগ্য যে মঙলবাৰে নিশা কলিকতাৰ নজৰুল মঞ্চত গুৰুদাস মহাবিদ্যালয়ে আয়োজন কৰা সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰি থকাৰ মাজতে হঠাৎ অসুস্থ হৈ পৰি পিছত মৃত্যুক সাবটি লয় কণ্ঠশিল্পী গৰাকীয়ে।

YouTube video

গায়কজনৰ মৃত্যুক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পশ্চিমবংগ বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ সমিক ভট্টচাৰ্য্যই কয়, ‘’যিহেতু পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা নিশ্চিত কৰাত প্ৰশাসনৰ ফালৰ পৰা চৰম গাফিলতি কৰা হৈছে গতিক গোটেই ঘটনাটোৰ এক নিৰপেক্ষ তদন্ত হোৱা উচিত।’’   

বিজেপিৰ এই দাবীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক কুনাল ঘোষে বিজেপিক ‘শগুন ৰাজনীতি’ বন্ধ কৰা উচিত বুলি মন্তব্য কৰি এনে এটা দুৰ্ভাগ্যজনক ঘটনাক লৈ ৰাজনীতি কৰা উচিত নহয় বুলি কয়।

ঘোষে লগতে কয় যে প্ৰশাসনে সকলো ব্যৱস্থা লৈছে আৰু সমগ্ৰ ঘটনাটোৰ তদন্ত চলি আছে।

প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পোৱা মতে ৫৩ বছৰীয়া গায়কজনে নজৰুল মঞ্চৰ পৰা হোটেললৈ ঘূৰি অহাৰ সময়ত অনুৰাগীসকলে তেওঁকলৈ একপ্ৰকাৰ ‘হেতা-ওপৰা’ লগাইছিল।

লগতে পঢ়ক – মৃত্যুৰ কিছু ঘন্টাৰ পূৰ্বে পৰিৱেশন কৰিছিল ‘হম ৰহে য়া না ৰহে কল’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply