সোণাৰি: নগালেণ্ডৰ অন্যতম জনগোষ্ঠী হেড হাণ্টাৰ হিচাপে খ্যাত কন্যাক লোকসকলে তেওঁলোকৰ পৰম্পৰাগত লোক উৎসৱ আউলিং আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰে। মূলতঃ কৃষি ভিত্তিক লোক উৎসৱ হিচাপে এই উৎসৱ প্ৰতি বছৰৰ এপ্ৰিল মাহৰ প্ৰথমটো সপ্তাহত কন্যাক সকলে এই উৎসৱ উদযাপন কৰে।
ছয়দিন ধৰি উদযাপন হোৱা এই উৎসৱত কৃষিক্ষেত্র সমূহক শস্যসম্ভৱা কৰি তােলাৰ আহ্বানেৰে ঐশ্বৰিক শক্তিসমূহক ওচৰত নানা পৰম্পৰাগত খাদ্য বস্তু উৎসর্গা কৰা হয়। উৎসৱৰ প্রথম চাৰিটা দিনত পৰম্পৰাগত সাজ-পােছাক বােৱা, সমূহীয়া ভােজৰ উৎসৰ্গাৰ বাবে জন্তু সংগ্রহ আৰু বিভিন্ন খাদ্য সম্ভাৰ আৰু চাউলৰ সুৰা প্রস্তুত কর্মসূচী জৰিয়তে উৎসৱৰ উদযাপনৰ বাবে প্রস্তুতি চলােৱা হয়।

পঞ্চম দিনটোত কন্যাক জনজাতিৰ সকলাে লােকেই পৰম্পৰাগত জনজাতীয় ৰঙ-বিৰঙী সাজ-পােছাক আৰু আ-অলংকাৰেৰে সু-সজ্জিত হয়। সেই দিনটোত নৃত্য, গীত পৰিৱেশনৰ লগতে সমূহীয়া ভােজৰ ব্যৱস্থা কৰা হয়। উৎসৱৰ শেষৰ দিনটোত এওঁলোকে নিজৰ পৰিয়ালৰ পৰিজনৰ সৈতে সময় কটোৱাৰ লগতে নিজৰ নিজৰ গৃহসমূহ আৰু গাৱৰ চৌপাশ পৰিষ্কাৰকৰণৰ কাম হাতত লয়।
নগালেণ্ডৰ ম’ন জিলাৰ টিজিট প্লে গ্ৰাউণ্ডত আজি পুৱা আউলিং উৎসৱৰ পঞ্চম দিনৰ অন্যতম আকৰ্ষণীয় কাৰ্যসূচী সামূহিক ভাৱে উদযাপন কৰা হয়। ম’ন জিলাৰ টিজিট মহকুমাৰ এঘাৰ খন গাঁৱৰ পৰা অহা কন্যাক জনগোষ্ঠীৰ এঘাৰটা সাংস্কৃতিক দলে আজি উৎসৱৰ পঞ্চম দিনৰ এই বৰ্ণিল কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
টিজিত ভিলেজ কাউন্সিল আৰু টিজিট ভিলেজ ষ্টুডেণ্ট ইউনিয়নৰ উদ্যোগত আজি অনুষ্ঠিত ৰাজহুৱা আউলিং উৎসৱত নগালেণ্ডৰ মন্ত্ৰী পায়ৱাং কন্যাকৰ লগতে অসমৰো কেইবাগৰাকীও বিশিষ্ট অতিথি উপস্থিত থাকে।