দেশত ক’ভিডৰ দ্বিতীয়টো ধৌৱে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়তে অসংখ্য লোকৰ সমাগমেৰে উত্তৰাখণ্ডত চলি থকা কুম্ভমেলাত ক’ভিড সংক্ৰমণে উদ্বেগজনক পৰিস্থিতিৰ ফালে গতি কৰিছে।
এই সংক্ৰমণ এতিয়া কেৱল ভক্তসকলৰ মাজতে আৱদ্ধ হৈ থকা নাই বৰঞ্চ ইয়াত অংশগ্ৰহণ কৰা সাধুসকলৰ মাজতো ক’ভিডৰ সংক্ৰমণ হ’বলৈ ধৰিছে।
বিভিন্ন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে শেহতীয়াকৈ কুম্ভমেলাত অংশগ্ৰহণ কৰা ৩০ গৰাকী সাধুৰ মাজত ধৰা পৰিছে ক’ভিড পজিটিভ।
ইয়াৰে স্বামী কপিল দেব নামৰ এগৰাকী বিশিষ্ট সাধু ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয়। তেওঁ মহা নিৰ্ভনী আখড়া পৰিষদৰ নেতা আছিল। ডেহৰাডুনৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়।
আক্ৰান্ত সাধুসকলৰ মাজত সৰ্বভাৰতীয় আখড়া পৰিষদৰ নেতা মহন্ত নৰেন্দ্ৰ গিৰিও আছে। তেওঁক সৰ্বভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠানৰ হৃষীকেশ শাখাত চিকিৎসা কৰি থকা হৈছে।
বিহস্পতিবাৰে নিশা প্ৰকাশ পোৱা এ এন আইৰ খবৰ মতে ১০ৰ পৰা ১৫ এপ্ৰলিলৈ অৰ্থাৎ কুম্ভমেলাৰ প্ৰথম ৫ দিনত ২,১৬৭ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে।
পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অহা শনিবাৰৰ পৰা নিৰঞ্জন আখড়া পৰিষদৰ ১৩ টাৰো অধিক ধৰ্মীয় গোটৰ কুম্ভ মেলাৰ কাৰ্যসূচী বন্ধ কৰা হৈছে।
বিগত ২৪ঘন্টাত দেশত কোৰোনাত আক্ৰান্ত হৈছে ২লাখ ১৭হাজাৰ ৩৫৩গৰাকী লোক। ইফালে মৃত্যু হোৱা লোকৰ সংখ্যা ১,১৮৫গৰাকী।