নিউজ ডেস্কঃ লখিমপুৰৰ খিৰী ঘটনাক লৈ উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। মন্ত্ৰী অজয় মিশ্ৰাৰ পুত্ৰ আশীষ মিশ্ৰাৰ জামিন আৱেদন নাকচ কৰিছে ন্যায়ালয়ে। লগতে উচ্চতম ন্যায়ালয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়কো খাৰিজ কৰিছে।
উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা কোৱা হৈছে যে- পীড়িতসকলৰ সকলো ধৰণৰ তদন্তৰ শুনানিৰ অধিকাৰ আছে। আৰু অহা এসপ্তাহৰ ভিতৰত আশীষ মিশ্ৰাই আত্মসমৰ্পণ কৰিব লাগিব। লগতে উচ্চতম ন্যায়ালয়ে কয়- আশীষ মিশ্ৰাৰ জামিন আৱেদনৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ে আৰম্ভণিৰ পৰা বিচাৰ কৰিব লাগে।
উল্লেখযোগ্য যে, যোৱা ১৬ মাৰ্চত উচ্চতম ন্যায়ালয়ে উত্তৰপ্ৰদেশ চৰকাৰ আৰু আশীষ মিশ্ৰালৈ এক জাননী প্ৰেৰণ কৰি তেওঁলোকৰ পৰা কিয় আশীষ মিশ্ৰাৰ জামিন আৱেদন খাৰিজ কৰিব নালাগে তাৰ বাবে উত্তৰ বিচাৰিছিল। লগতে এই বিষয়ৰ সন্দৰ্ভত সকলো সাক্ষীৰে নিৰাপত্তা নিশ্চিত কৰিবলৈ উত্তৰ প্ৰদেশ চৰকাৰক নিৰ্দেশ দিছিল।