নিউজ ডেস্কঃ সমাজৰ সামগ্ৰিক বিকাশৰ স্বাৰ্থত দত্তক প্ৰক্ৰিয়াটো এটা অতি গুৰুত্বপূৰ্ণ পদক্ষেপ। দত্তক লোৱাটো এক দীৰ্ঘম্যাদী প্ৰক্ৰিয়া। আবেদন কৰাৰ পিছত বহুতো নিয়মৰ মাজেৰে যাব লাগে। বহু প্ৰক্ৰিয়াৰ পিছতহে কাগজে-কলমে অভিভাৱক হ’ব পাৰে। বহুতো অভিভাৱকে আইনী প্ৰক্ৰিয়াৰে দত্তক লোৱাৰ ওপৰত নিৰ্ভৰ কৰি বছৰৰ পিছত বছৰ বাট চাই ৰ’ব লাগে।

শেহতীয়াকৈ, এটা বেচৰকাৰী সংগঠনে ভাৰতত শিশু দত্তক লোৱাৰ প্ৰক্ৰিয়াটো সৰল কৰিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল। উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে কয় যে ভাৰতত শিশু দত্তক লোৱাৰ প্ৰক্ৰিয়াটো সহজ কৰা প্ৰয়োজন। Central adoption reasearch authorityৰ অধীনত এটা শিশু তুলি ল’বলৈ তিনিৰ পৰা চাৰি বছৰ সময় লাগে, আনহাতে লাখ লাখ শিশুৱে তেওঁলোকক তুলি লৈ ঘৰলৈ লৈ যোৱাৰ বাবে অপেক্ষা কৰি থাকে।

এজন চৰকাৰী অধিবক্তাই কৈছিল যে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে বিষয়টো বিবেচনা কৰি আছে। চৰকাৰে সেই আবেদনটো বিবেচনা কৰিবলৈ ছয় সপ্তাহৰ সময় বিচাৰিছে।

উচ্চতম ন্যায়ালয়ে স্বেচ্ছাসেৱী সংস্থাৰ প্ৰধান পীয়ুষ চাক্সেনাক এখন প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ আৰু বিষয়টোৰ ওপৰত তেওঁলোকৰ নিজৰ মতামত আৰু পৰামৰ্শ চৰকাৰৰ ওচৰত দাখিল কৰিবলৈ নিৰ্দেশ দিছিল। ইয়াৰ প্ৰত্যুত্তৰত পীয়ুষ চাক্সেনাই উচ্চতম ন্যায়ালয়ক কয়, “মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়ে মোক এই বিষয়ে লিখিতভাৱে প্ৰতিবেদন দাখিল কৰিবলৈ কৈছিল যিটো মই মাৰ্চত তেওঁলোকক দিছিলো। কিন্তু এতিয়ালৈকে কোনো ব্যৱস্থা লোৱা হোৱা নাই। ”

“ভাৰতত চৰকাৰৰ দত্তক গ্ৰহণ প্ৰক্ৰিয়া অতি দীঘলীয়া। Central adoption reasearch authorityএ বছৰত ৪,000 শিশুৰ দত্তক প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰে। ভাৰতত প্ৰায় তিনি কোটি অনাথ শিশু আছে। শিশু দত্তক প্ৰক্ৰিয়াটো যিমান সম্ভৱ সোনকালে সহজ কৰিব লাগিব, এই প্ৰক্ৰিয়াটোত ইমান দীঘলীয়া সময় লাগিব নালাগে। ”

অৱশ্যে এই গোচৰটোৰ পৰৱৰ্তী শুনানি অক্টোবৰত হ’ব।

পূৰ্বে দত্তক গ্ৰহণ প্ৰক্ৰিয়াটো আদালতৰ আওতাত আছিল। কিন্তু ‘Juvenile Justice Act’ আইন সংশোধন কৰি, দত্তক প্ৰক্ৰিয়াটো জিলা প্ৰশাসনৰ অধীনলৈ অনা হয়। শিশুটোক যিকোনো পৰিয়ালক হস্তান্তৰ কৰাৰ আগতে বিভিন্ন বিষয়ক কঠোৰভাৱে চোৱা-চিতা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। পৰিয়ালটো কিমান আৰ্থিকভাৱে সুস্থ তাৰ ওপৰত গুৰুত্ব দিবলৈও কোৱা হৈছে। যিসকলে দত্তক গ্ৰহণ কৰিব তেওঁলোকৰ প্ৰমাণপত্ৰ বৈধ হয় নে নহয় সেয়াও নিশ্চিত কৰিব লাগিব। চৰকাৰে দাবী কৰিছে যে এই সকলোবোৰ নিশ্চিত কৰিবলৈ দীঘলীয়া সময় লাগিছে। চৰকাৰে শিশুটোৰ নিৰাপত্তা সম্পৰ্কত কোনো শংকা থকাটো নিবিচাৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply