অৱশেষত ডুমকা ট্ৰেজাৰীৰ গোচৰত জামিন পালে লালু প্ৰসাদ যাদৱে। বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আৰ জে ডিৰ নেতাগৰাকীয়ে পশু খাদ্য কেলেংকাৰিত কাৰাবাস খাটি আছে।
দীৰ্ঘদিনৰ অন্তত আজি জামিন পালে লালু প্ৰসাদ যাদৱে। পশু খাদ্য কেলেংকাৰিত ডুমকা ট্ৰেজাৰীৰ পৰা ৩.৫০ কোটি টকা উলিওৱা গোচৰত আজি জামিন প্ৰদান কৰা হয়।
ইতিপূৰ্বে পশু খাদ্য কেলেংকাৰিৰ অন্য তিনিটা গোচৰৰ জামিন লাভ কৰিছিল লালু প্ৰসাদ যাদৱে। ঝাৰখন্ড উচ্চ ন্যায়ালয়ে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ জামিন মঞ্জুৰ কৰে।
ছচিয়েল মাধ্যম যোগে ৰাষ্ট্ৰীয় জনতা দলে জনাইছে লালু প্ৰসাদ যাদৱৰ এই জামিনৰ কথা। ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈকে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাবে থকা সময়চোৱাত লালু প্ৰসাদ যাদব পশু খাদ্য কেলেংকাৰীৰ সৈতে জড়িত আছিল । ২০১৮ চনৰ ২৪ মাৰ্চত ১৪ বছৰৰ বাবে জেললৈ প্ৰেৰণ কৰিছিল লালু প্ৰসাদক । ৭৩ বছৰীয়া লালু প্ৰসাদ বৰ্তমান দিল্লীৰ এইমছত চিকিৎসাধীন হৈ আছে ।