নিউজ ডেস্ক: ১৩৯.৩৫ কোটি টকীয়া পশুখাদ্য কেলেংকাৰীৰ ডোৰণ্ডা গোচৰত জামিন লাভ কৰিছে বিহাৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা আৰ জে ডি দলৰ প্ৰধান লালু প্ৰসাদ যাদৱে। ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে আজি বৰ্ষীয়ান নেতাজনক জামিন প্ৰদান কৰে।
উল্লেখযোদ্য যে ইতিমধ্যে বৃহৎ পশুখাদ্য কেলেংকাৰীৰ চাৰিটাকৈ গোচৰ চলি থকা লালু প্ৰসাদ যাদৱক যোৱা ফেব্ৰুৱাৰীত ৰাঁচিৰ এখন বিশেষ চিবিআই আদালতে উক্ত কেলেংকাৰীৰ পঞ্চম তথা অন্তিমটো গোচৰত দোষী সাব্যস্ত কৰিছিল।
১৯৯৬ চনত বিহাৰৰ পশুপালন বিভাগত চলোৱা এক অভিযানত ৯৫০ কোটি টকীয়া বৃহৎ পশুখাদ্য কেলেংকাৰীৰ কথা পোহৰলৈ আহিছিল। ১৯৯৭ চনত চিবিআই-এ লালু প্ৰসাদ যাদৱক উক্ত গোচৰত অভিযুক্ত কৰে।
কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে লালু প্ৰসাদ যাদৱৰ লগতে বিহাৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰী জগন্নাথ মিশ্ৰক উক্ত কেলেংকাৰীৰ সৈতে অভিযুক্ত কৰিছিল।
১৪ বছৰৰ কাৰাবাস আৰু ৬০ লাখ টকাৰ জৰিমণা ভৰিব লগীয়া হোৱা লালু প্ৰসাদ যাদৱে কেলেংকাৰীটোৰ চাৰিটা গোচৰত জামিন লাভ কৰিছে।
লগতে পঢ়ক – পুনৰ ২ সহস্ৰাধিক লোক কোৰোনাত আক্ৰান্ত