নিউজ ডেস্ক : চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। ৰাজ্যখনৰ ইষ্ট চিয়াং আৰু অপাৰ চিয়াং জিলাত সংঘটিত হৈছে এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। জিলা দুখনত সংঘটিত হোৱা ভয়ংকৰ ভূমিস্খলনৰ ঘটনাত কেবাটাও পথৰ বৃহৎ অংশ খহি পৰিছে।
জানিব পৰা মতে ভূমিস্খলনৰ ফলত আপাৰ চিয়াং জিলাৰ টুটিং-য়িংকিয়ঙৰ মাজত সীমান্ত পথ নিৰ্মাণ সংস্থাৰ এখন ফকলেন গাড়ী পথৰ পৰা বাগৰি পাহাৰৰ তলত পৰে। ঘটনাত ফকলেনখনৰ চালকজন গুৰুত্বৰ ভাৱে আহত হৈছে। চীন সীমান্তৰ টুটিঙলৈ যোৱা পথটো পাহাৰ কাটি বহল কৰাৰ কামত ব্যৱহৃত ফকলেনখনৰ চালকজনক প্ৰায় তিনিশ ফুট তলৰ পৰা উদ্ধাৰ কৰা হয়।
ইফালে অৰুণাচল প্ৰদেশৰ পাচিঘাট-পাংগিং সংযোগী ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চিৰকি নামৰ ঠাইখত হোৱা ভূমিস্খলনত ঘাইপথটোৰ প্ৰায় ১০০ মিটাৰ অংশ পাহাৰৰ তললৈ খহি পৰে। চিয়াং জিলাৰ লিকাবালি-বাছাৰ পথটো কেইবা ঠাইত ভূমিস্খলনৰ ফলৰ খহি পৰিছে।
লগতে পঢ়ক : স্বাধীনতা দিৱস উপেলক্ষে চাফাই আৰু গছপুলি ৰোপন কাৰ্যসূচী
জানিব পৰা মতে ভূমিস্খলনৰ ফলত পাহাৰ খহি পথৰ ওপৰত পৰাত যাতায়ত ব্যবস্থা সম্পূৰ্ণ বন্ধ হৈ পৰিছে। ভয়ংকৰ ভূমিস্খলনৰ ঘটনাৰ পিছতে প্ৰশাসনে ৰাজ্যখনৰ কেইবাটাও পথ বন্ধ কৰিছে। ৰাজ্যখনৰ বহু অঞ্চলৰ লগত যোগাযোগ ব্যৱস্থা বন্ধ হৈ পৰাত ৰাইজ ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে।