নিউজ ডেস্কঃ অৰুণাচল প্ৰদেশৰ কুৰুং কুমেই জিলাৰ চুলুং টেপিং গাঁৱত ভয়ংকৰ ভূমিস্খলন। ভূমিস্খলনত নিহত একে পৰিয়ালৰে তিনিজন লোক। নিহত কেইজন চাৰিউ টংডাং (৫০), চাৰিউ য়াজিক (৪৮) আৰু তেওঁলোকৰ আঠ বছৰীয়া পুত্ৰ চাৰিউ তাকাৰ। লগতে গাঁওখনৰ প্ৰায় ১৫ টাকৈ বাসগৃহৰ অনিষ্ট সাধন হয়।
ধাৰাসাৰ বৰষুণৰ ফলত অৰুণাচল প্ৰদেশৰ বিভিন্ন ঠাইত হোৱা ভূমিস্খলনৰ ফলত পৰিবহন আৰু যোগাযোগ ব্যাহত হৈছে। বহু ঠাইত পথৰ সংযোগ বন্ধ কৰা হৈছে।
লগতে পঢ়কঃপশ্চিমবংগত জনজাতীয় কিশোৰীক দলবদ্ধ ধৰ্ষণ; কিশোৰসহ চাৰিজনক গ্ৰেপ্তাৰ
বিগত এসপ্তাহ ধৰি হৈ থকা মুষলধাৰ বৰষুণৰ ফলত মিয়াও-বিজয়নগৰ পথৰ বৃহৎ অংশ খহি গৈছে। লগতে নামদাফা ৰাষ্ট্ৰীয় উদ্যানৰ মাজৰ পথৰ কিছু অংশ খহি পৰে। ভূমিস্খলনৰ ফলত আনজাও আৰু দিবাং ভেলী জিলাসমূহৰ পৰাও যোগাযোগ বন্ধ হৈ আছে।