উত্তৰ পূবত লকডাউন

নিউজ ডেস্ক : দেশত অব্যাহত আছে মাৰাত্মক ক’ভিডৰ ভয়াবহ সংক্ৰমণ। প্ৰতিদিনে দেশত লক্ষাধিক লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈ আছে। দেশৰ অন্যান্য প্ৰান্তৰ তুলনাত উত্তৰ পূবৰ ৰাজ্য সমূহ কিছু সুৰক্ষিত হৈ আছে যদিও উত্তৰ পূবৰ প্ৰতিখন ৰাজ্যৰ চৰকাৰে ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে তৎপৰ হৈ উঠা পৰিলক্ষিত হৈছে। ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে এইবাৰ উত্তৰ পূৱৰ এখন ৰাজ্যই লকডাউনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ চৰকাৰে ক’ভিডৰ ভয়াবহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত লকডাউন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অহা ১৪ মে’ৰ পৰা এসপ্তাহৰ বাবে নাগালেণ্ডত সম্পূৰ্ণ লকডাউন দিয়াৰ ঘোষণা কৰিছে ৰাজ্যখনৰ চৰকাৰে। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ ৰিওৰ নেতৃত্বত অনুষ্ঠিত হোৱা এক বৈঠকত ৰাজ্যখনৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণক মাৰাত্মক ক’ভিডৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰাৰ বাবে ৰাজ্যখনত লকডাউনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

লগতে পঢ়ক ভাৰতত ক’ভিডত আক্ৰান্ত হৈ ১,৯৫২ গৰাকী ৰে’ল কৰ্মচাৰীৰ মৃত্যু; দৈনিক ১,০০০ গৰাকীকৈ আক্ৰান্ত

অৱশ্যে নাগালেণ্ডত লকডাউনৰ সময়ছোৱাত অত্যাৱশ্যকীয় সেৱাৰ ক্ষেত্ৰত ৰেহাই থাকিব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে ৰাজ্যখনৰ ৰাজধানী কহিমা আৰু ডিমাপুৰৰ লগতে বহু অঞ্চলত যোৱা ৫ মে’ৰ পৰা এসপ্তাহ বাবে লকডাউন ঘোষণা কৰা হৈছিল। ইয়াৰ পূৰ্বেও ডিমাপুৰত যোৱা ২৩ এপ্ৰিলৰ পৰা নিশা ৮ বজাৰ পৰা সান্ধ্য আইন দিয়া হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply