ভাৰতৰত্ন শচীন তেন্ডুলকাৰৰ অন্তিম বিদায়

সকলোকে শোক সাগৰত ডুবাই ইহ সংসাৰৰ পৰা আজি পুৱা বিদায় লোৱা ভাৰতৰ নাইটিংগেল লতা মংগেশকাৰক লৈ সমগ্ৰ দেশ শোকস্তব্ধ। মুম্বাইৰ শিৱাজী পাৰ্কত লতা মংগেশকাৰক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

শিবাজী পাৰ্কত প্ৰধানমন্ত্ৰীয়ে লতা মংগেছকাৰৰ পৰিয়ালৰ সৈতে

বলিউদ অভিনেতা অভিনেতা শ্বাহৰুখ খান আৰু পত্নী গৌৰী খান , আন গৰাকী ভাৰতৰত্ন শচীন তেন্ডুলকাৰ পত্নী অঞ্জলীকো দেখা গ’ল অন্তিম যাত্ৰাত।

ইয়াৰ পূৰ্বে আজি পুৱাবেলা ব্ৰীচ কেণ্ডি হাস্পতালত লতা মংগেশকাৰৰ চিকিৎসা কৰি থকা চিকিৎসক ডাঃ প্ৰতীক সমদানীয়ে দুখেৰে কয়, ‘অত্যন্ত দুখৰ সৈতে জনাব বিচাৰো যে লতা মংগেশকাৰৰ দেহাৱসান আজি পুৱা ৮.১২ বজাত হয়। ২৮ দিনৰো অধিক সময় হাস্পতালত থকাৰ পিছত মাল্টী অৰ্গেন ফেইলাৰৰ বাবে তেওঁৰ দেহাৱসান ঘটে।’

প্ৰভুকুঞ্জত অমিতাভ বচ্ছন

অন্তিম যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে ব্ৰীচ কেণ্ডি চিকিৎসালয়ৰ পৰা নাইটিংগেলৰ বাসস্থান প্ৰভুকুঞ্জ লৈ আনে। বাসগৃহটো পৰিয়ালৰ লোকসকলে অন্তিম বিদায় দিয়ে। প্ৰভুকুঞ্জ লৈ অন্তিম বিদায় জনাবলৈ আহে কন্যাৰ সৈতে বিগ বি অমিতাভ বচ্ছন। দুপৰীয়া প্ৰায় ১২.৩০ বজাত প্ৰভাকুঞ্জলৈ লৈ যোৱা হৈছিল লতা মংগেশকাৰৰ নশ্বৰদেহ। তাৰ পিছত বিয়লি শিৱাজী পাৰ্কলৈ নিয়া হয় লতাজীৰ নশ্বৰ দেহ।

বিশিষ্ট শিল্পী সুদৰ্শন পাটনায়কে বালিত অংকন কৰি আগবঢ়াইছে শ্ৰদ্ধাঞ্জলী

তিনিটাকৈ বাহিনীৰ গান চ্যেলুট, পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যদাৰে শেষকৃত্য সম্পন্ন হয় লতা মংগেছকাৰৰ। সন্ধিয়া ৬:৩০ বজাত মুম্বাইৰ শিৱাজী পাৰ্কত লতা মংগেছকাৰৰ অন্তিম সংস্কাৰ সম্পন্ন কৰা হয়, তেওঁৰ মৃতদেহ তেওঁৰ ঘৰৰ পৰা উলিওৱাৰ পিছত অন্তিম দৰ্শন পাবলৈ অনুৰাগীৰে ভৰি পৰে ৰাজপথ। লতা মংগেছকাৰক মুখাগ্নি কৰে ভাতৃ হৃদয়নাথ মংগেছকাৰে ।

লগতে পঢ়ক- প্ৰবল শিলাবৃষ্টিয়ে নিঃশেষ কৰি দিলে বোকাখাতৰ কৃষকৰ স্বপ্ন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply