নিউজ ডেস্ক: প্ৰসিদ্ধ কণ্ঠশিল্পী লতা মংগেশকাৰৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে শনিবাৰে তেওঁক পুনৰ ভেণ্টিলেশ্যনত ভৰ্তি কৰোৱা হয়।

উল্লেখযোগ্য যে যোৱা ৮ জানুৱাৰীত ক’ভিডত আক্ৰান্ত হোৱাৰ পিছত সুৰ সম্ৰাজ্ঞী গৰাকীক মুম্বাইৰ ব্ৰীছ কেণ্ডি হস্পিটালৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল। ডাঃ প্ৰাটিত শামধানিৰ নেতৃত্বত চিকিৎসকৰ এটা দলে ৯২ বছৰীয়া কণ্ঠশিল্পী গৰাকীক চিকিৎসা প্ৰদান কৰি আছে।

‘তেওঁৰ স্বাস্থ্য ভাল নহয়। তেওঁক আই চি ইউত ৰাখি চিকিৎসা চলাই থকা হৈছিল আৰু এতিয়া পুনৰ ভেণ্টিলেশ্যনত ভৰ্তি কৰোৱা হয়,’ ডাঃ শামধানিয়ে কয়।

যোৱা ৩০ জানুৱাৰীত কণ্ঠশিল্পী গৰাকী সুস্থ হৈ উঠাত তেওঁক ভেণ্টিলেশ্যনৰ পৰা বাহিৰলৈ অনা হৈছিল।

উল্লেখ্য যে, ভাৰতীয় চলচ্চিত্ৰৰ অন্যতম শ্ৰেষ্ঠ নেপথ্য গায়ক হিচাপে পৰিগণিত মংগেশকাৰে ১৯৪২ চনত ১৩ বছৰ বয়সতেই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। বৰ্তমানলৈকে তেওঁ হিন্দীকে ধৰি বিভিন্ন ভাষাত ৩০,০০০ তকৈও অধিক গীতত কন্ঠ নিগৰাইছে।

লগতে পঢ়ক – জু-ৰোডৰ গ্ৰেনে’ড বিস্ফোৰণৰ ৮ অভিযুক্তৰ বিৰুদ্ধে গোচৰ নিয়া আদালতৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply