নিউজ ডেস্কঃ কোভিডমুক্ত হ’ল প্ৰসিদ্ধ গায়িকা লতা মংগেশকাৰ।  নিউমোনিয়া ৰোগতো আক্ৰান্ত আছিল কন্ঠশিল্পীগৰাকী।

বৰ্তমান দুয়োটা ৰোগৰ পৰাই আৰোগ্য কন্ঠশিল্পীগৰাকী। এই বিষয়ে সংবাদ মাধ্যমক জনালে মহাৰাষ্ট্রৰ স্বাস্থ্যমন্ত্রী ৰাজেশ টোপেই।

৮জানুৱাৰীত কোভিড-১৯ আৰু নিউমোনিয়াত আক্ৰান্ত হোৱাৰ পিছত মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ৰ আইচিইউত ভৰ্তি হৈছিল সকলোৰে মৰমৰ গায়িকাগৰাকী।

লগতে পঢ়কঃমণিপুৰ নিৰ্বাচন: বিজেপিত কন্দল, দলীয় পতাকাৰ ওপৰত গো হত্যা কৰি প্ৰতিবাদ

মহাৰাষ্ট্রৰ স্বাস্থ্যমন্ত্রী ৰাজেশ টোপে কয়, “লতা মংগেশকাৰৰ স্বাস্থ্যৰ সন্দৰ্ভত তেওঁক চিকিৎসা চলাই থকা চিকিৎসক প্ৰতীত সমধানীৰ লগত মোৰ কথা-বতৰা হৈছে। গায়িকা গৰাকী বৰ্তমান সুস্থ। কেইবাদিন ধৰি তেওঁ ভেণ্টিলেটৰত আছিল, কিন্তু এতিয়া ভেণ্টিলেটৰৰ তেওঁৰ প্ৰয়োজন নাই। তেওঁক কেৱল অক্সিজেন দিয়া হৈছে।”

কন্ঠশিল্পী গৰাকীৰ আৰোগ্যৰ খবৰত আনন্দিত সমগ্ৰ দেশবাসী।

উল্লেখ্য যে, ভাৰতীয় চলচ্চিত্ৰৰ অন্যতম শ্ৰেষ্ঠ নেপথ্য গায়ক হিচাপে পৰিগণিত মংগেশকাৰে ১৯৪২ চনত ১৩ বছৰ বয়সতেই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। বৰ্তমানলৈকে তেওঁ হিন্দীকে ধৰি বিভিন্ন ভাষাত ৩০,০০০ তকৈও অধিক গীতত কন্ঠ নিগৰাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply