কোৰোণাই আকৌ কাঢ়ি নিলে ভাৰতীয় সংগীত জগতৰ আন এগৰাকী নক্ষত্ৰক। কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ আৰু নাই। ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে লতা মংগেশকাৰে। মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত অন্তিম নিশ্বাস ত্যাগ কৰে গায়িকাগৰাকীয়ে। শেহতীয়াকৈ আইচিইউৰ পৰা স্থানান্তৰ কৰা হৈছিল যদিও কালিৰ দিনটোত পুনৰ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক লাইফ ছাপ’ৰ্ট ছিষ্টেমত ৰখা হৈছিল।
লতা মংগেশকাৰক কোৰোণাত আক্ৰান্ত হোৱাৰ লগতে নিউমোনিয়াৰ বাবে ৮ জানুৱাৰীত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। আজি পুৱাৰ ভাগতে শেষ নিশ্বাস ত্যাগ কৰে লতা মংগেশকাৰে।
লতা মংগেশকাৰৰ স্বাস্থ্য অধিক অৱনতি হোৱাৰ বাবে যোৱা শনিবাৰে আই চি ইউত ভৰ্তি কৰা হৈছিল। কোৰোনাত আক্ৰান্ত হৈ বিগত ২৯দিনে মুম্বাইৰ ব্ৰীজ কেণ্ডী হস্পাতালত চিকিৎসাধীন হৈ আছিল তেওঁ। দেশ-বিদেশৰ কোটি কোটি অনুৰাগীয়ে তেওঁৰ সুস্বাস্থ্য কামনাৰে প্ৰাৰ্থনা কৰিছিল যদিও তেও সোঁ শৰীৰে আমাৰ মাজলৈ ঘুৰি নাহিল।
উল্লেখ্য যে, ভাৰতীয় চলচ্চিত্ৰৰ অন্যতম শ্ৰেষ্ঠ নেপথ্য গায়ক হিচাপে পৰিগণিত মংগেশকাৰে ১৯৪২ চনত ১৩ বছৰ বয়সতেই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। বৰ্তমানলৈকে তেওঁ অসমীয়াকে ধৰি বিভিন্ন ভাষাত ৩০,০০০ তকৈও অধিক গীতত কন্ঠ নিগৰাইছিল।
ভাৰতৰত্ন সন্মানেৰে বিভূষিত লতা মংগেশকাৰ। ২০০১ চনত দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন লাভ কৰিছিল সুৰৰ সম্ৰাজ্ঞী লতা মংগেশকাৰে।
লতা মংগেশকাৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোকপ্ৰকাশ কৰি কয়- লতাজীৰ মৃত্যুয়ে এক শূণ্যতাৰ সৃষ্টি কৰিলে।ইয়াৰ পূৰণ কেতিয়াও কোনোৱে কৰিব নোৱাৰে।
আনহাতে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দেও শোক প্ৰকাশ কৰি কয়,এয়া অতি পীড়াজনক খবৰ ।
লতা মংগেছকাৰৰ মৃত্যুত দুদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা। ১২ বজাৰ পৰা প্ৰভুকুঞ্জত শ্ৰদ্ধাঞ্জলী জনাব পাৰিব গুণমূগ্ধই। ৪.৩০ বজাত শিৱাজী পাৰ্কত হ’ব শেষ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান।