নিউজ ডেস্কঃ নিৰ্বাচনী প্ৰচাৰ, বিৰোধীক পৰাস্ত কৰিবৰ বাবে ৰচনা কৰা কৌশল সকলো চেষ্টাৰ মূৰত বিধানসভা নিৰ্বাচনত বিৰোধী বিজেপিক পৰাভূত কৰিও ফলাফল নিজেই শুনিবলৈ নাপালে এজন নিৰ্বাচিত জনপ্ৰতিনিধিয়ে।

২মে’ত ঘােষণা কৰা পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ফলাফলত তৃণমূল কংগ্ৰেছ দলৰ প্ৰাৰ্থী কাজল সিনহাই খাৰদাহা সমষ্টিৰ পৰা জয়লাভ কৰিলে।
নিকটতম প্ৰতিদ্বন্দ্বীতকৈ সিনহাই লাভ কৰিলে ২৮,০৪১ টাকৈ বেছি ভোট লাভ কৰি বিজয় সাব্যস্ত কৰিলে।

কিন্তু তেও বিজয়ৰ খবৰটো শুনিবলৈ সময়েই ন’হল । ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণত আক্ৰান্ত হৈ যােৱা ২৫ এপ্ৰিলত মৃত্যু হৈছিল কাজল সিনহাৰ। সেইবাবেই নিজৰ জয়ৰ বতৰা নিৰ্বাচন আয়োগে ঘােষিত কৰিলে যদিও তেও নাপালে ।

এতিয়া নিৰ্বাচন আয়োগে বিজয়ী প্ৰাৰ্থীগৰাকী নথকাৰ বাবে নিয়ম অনুসৰি এই সমষ্টিটো খালী হৈ থকা বুলি ঘোষণা কৰিছে। কাজল সিনহাৰ ক্ষেত্ৰত সঁচা প্ৰমাণিত হ’ল ‘দাতাই দিলেও বিধাতাই নিদিয়ে’ আপ্তবাক্য শাৰী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply