নিউজ ডেস্ক : ভিমা কোৰেগাঁও গোচৰত তিনি বছৰতকৈ অধিক কাল কাৰাগাৰত থকাৰ অন্তত মুক্তি লাভ কৰিলে অধিবক্তা তথা বিশিষ্ট সমাজ কৰ্মী সুধা ভৰদ্বাজে। বুধবাৰে নিয়া আদালতে জামিন মঞ্জুৰ কৰাৰ পিছত আজি পুৱা মুম্বাইৰ বাইকুল্লা মহিলা কাৰাগাৰৰ পৰা ভৰদ্বাজে মুকলি আকাশৰ তললৈ উলাই আহে।
উল্লেখযোগ্য যে ২০১৭ চনৰ ৩১ ডিচেম্বৰত অনুষ্ঠিত এলগাৰ পৰিষদৰ সভাত উচটনিমূলক বক্তব্য প্ৰদান কৰাৰ অভিযোগত দাখিল কৰা এক গোচৰত ২০১৮ চনৰ ২৮ আগষ্টত সুধা ভৰদ্বাজক গ্ৰেপ্তাৰ কৰা হৈছিল।
এলগাৰ পৰিষদৰ উক্ত গোচৰত সুধা ভৰদ্বাজসহ মুঠ ১৬ গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰে ফাদাৰ ষ্টেন স্বামীৰ চলিত বৰ্ষৰ জুলাই মাহত জামিনৰ বাবে যুঁজ চলাই থকাৰ মাজতে ৮৪ বছৰ বয়সত স্বাস্থ্যৰ অৱনতি ঘটি মৃত্যু হয়।
মহাৰাষ্ট্ৰ আৰক্ষীৰ মতে এলগাৰ পৰিষদৰ সভাত দিয়া ভাষণ সমূহে পিছদিনা পুনেৰ কোৰেগাঁও-ভিমা যুদ্ধ স্মাৰকৰ সমীপত সংঘটিত হিংসাত্মক ঘটনাত ইন্ধন যোগাইছিল। ইয়াৰ উপৰি এলগাৰ পৰিষদৰ উক্ত সভাখনত মাওবাদীয়ে সহযোগ কৰা বুলিও আৰক্ষীয়ে অভিযোগ কৰিছিল।
ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই যোৱা ১ ডিচেম্বৰত বোম্বে উচ্চ ন্যায়ালয়ে ভৰদ্বাজক প্ৰদান কৰা ডিফল্ট জামিন ৰখাই থ’বলৈ কৰা আৱেদনক যোৱা দুদিন পূৰ্বে উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে। ”উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত হস্তক্ষেপ কৰিবলৈ আমি কোনো যুক্তি দেখা নাই। আৱেদন খাৰিজ কৰা হৈছে,” ন্যায়াধীশ ইউ ইউ ললিত, এছ আৰ ভট্ট আৰু বেলা এম ত্ৰিবেদীৰ বিচাৰপীঠে কয়।
লগতে পঢ়ক : দীঘলীপুখুৰীৰ পাৰত সদৌ অসম ছাত্ৰ সন্থা আৰু উত্তৰ পূব ছাত্ৰ সন্থাৰ প্ৰতিবাদ