নিউজ ডেস্ক : ক’ভিডৰ লকডাউন চলি থকাৰ বাবে দেশজুৰি যাত্ৰীবাহী ট্ৰেইনৰ চলাচল যথেষ্ট হ্ৰাস পোৱা সত্ত্বেও ২০২০ চনত ভাৰতত ৮,৭০০ গৰাকীতকৈ অধিক লোকে ট্ৰেইনত চেপাত প্ৰাণ হেৰুৱাইছে। ইয়াৰে অধিক সংখ্যকেই হৈছে প্ৰব্ৰজিত শ্ৰমিক।
মধ্য প্ৰদেশৰ চন্দ্ৰ শেখৰ গৌৰ নামৰ এজন লোকে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত তোলা এক প্ৰশ্নৰ উত্তৰত ৰে’লৱে বৰ্ডে এই তথ্য প্ৰকাশ কৰে।
২০২০ চনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰৰ ভিতৰত এইসকল লোকৰ মৃত্যু হোৱা বুলি ৰে’লৱে বৰ্ডে সদৰী কৰে।
লগতে পঢ়ক : ক’ভিডৰ দ্বিতীয়টো ধৌত ভাৰতত ৫৯৪ গৰাকী চিকিৎসকৰ মৃত্যু
‘ৰাজ্যিক আৰক্ষীৰ পৰা লাভ কৰা তথ্য অনুসৰি ২০২০ চনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰৰ ভিতৰত ট্ৰেইনৰ খুন্দাত ৮০৫ গৰাকী লোক আহত হোৱাৰ বিপৰীতে ৮,৭৩৩ গৰাকী লোকৰ মৃত্যু ঘটিছে,’ ৰে’লৱে বৰ্ডে কয়।
ৰে’লৱেৰ এক সূত্ৰই জনোৱা মতে নিহতসকলৰ অধিক সংখ্যকেই লকডাউনৰ সময়ত নিজৰ ঘৰলৈ ঘূৰি অহা প্ৰব্ৰজিত শ্ৰমিক। ঘাইপথসমূহতকৈ ট্ৰেইনৰ লাইন সমূহ চুটি হ’ব বুলি ভাবি এই শ্ৰমিকসকলে ট্ৰেইন লাইনৰ কাষে কাষে খোজ কাঢ়ি ঘৰলৈ উভতিছিল।
উল্লেখযোগ্য যে ২০১৬ চনৰ পৰা ২০১৯ চনৰ ভিতৰত ট্ৰেইনৰ খুন্দাত ভাৰতত ৫৬,২৭১ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৫,৯৩৮ গৰাকী আঘাতপ্ৰাপ্ত হৈছে।