ৰাজধানী চহৰ দিল্লীৰ কোৰোনাৰ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৬ দিনৰ বাবে জাৰি কৰা হৈছে সম্পূৰ্ণ লকডাউন। সোমবাৰে নিশা ১০ বজাৰ পৰা আৰম্ভ হ’ব লকডাউন। ৬ দিনলৈ বাহাল থাকিব এই লকডাউন। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এখন সংবাদমেলত এই কথা ঘোষণা কৰে।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, দিল্লীৰ পৰিস্থিতি ক্ৰমাৎ ভয়াবহ হৈ গৈ আছে। সেয়েহে লকডাউন দিয়াটো খুবেই প্ৰয়োজন। লকডাউন হ’লেহে সংক্ৰমণ হ্ৰাস পোৱাৰ আশা কৰিব পাৰি। লকডাউন দিয়াৰ বাহিৰে অন্য গত্যন্তৰ নাই। ৰাজ্যবাসীক সতৰ্ক হ’বলৈ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ।

আৰু পঢ়কঃ ভাৰতত এটা দিনত অভিলেখ সংখ্যক ২,৭৩,৮১০ গৰাকী লোক ক’ভিডত আক্ৰান্ত

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজধানী চহৰখনত বৰ্তমান অক্সিজেনৰ নাটনি হৈছে। অৱশ্যে এতিয়ালৈ কেন্দ্ৰীয় চৰকাৰে পৰ্যাপ্ত সহযোগিতা আগবঢ়াইছে। সকলোৱে একেলগে যুঁজিলেহে পৰিত্ৰাণ পোৱাটো সম্ভৱ হ’ব। সেয়েহে সংক্ৰমণ হ্ৰাস পোৱাৰ আশা কৰি লকডাউন জাৰি কৰা হৈছে।
যোৱা ২৪ ঘন্টাত ২৩,৫০০ ক’ভিড পজিটিভ কেচ ধৰা পৰিছে ৰাজধানীত । লকডাউনৰ সময়ত আন্ত:ৰাজ্যিক আৰু ৰাজ্যৰ ভিতৰতে চলা বাছসমূহৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হোৱা নাই । জৰুৰী সেৱা সমূহ চলি থাকিব আগৰ দৰেই বুলি কোৱা হৈছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply