নিউজ ডেস্ক- লোকসভাৰ অধ্যক্ষ ঔম বিৰলা কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে।
স্বাস্থ্য পৰীক্ষাৰ পিছতেই অধ্যক্ষ গৰাকীৰ দেহত কৰোণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে।
জৰুৰীকালীনভাৱে ৫৮বৰ্ষীয় অধ্যক্ষ গৰাকীক AIIMS ত ভৰ্ত্তি কৰোৱা হৈছে।
বৰ্তমান বিশেষজ্ঞ- চিকিৎসকৰ নিৰীক্ষণত আছে ঔম বিৰলা।
অধ্যক্ষগৰাকীৰ স্বাস্থ্য বৰ্তমান সুস্থ বুলি জানিব পৰা গৈছে।
পুনৰ সংহাৰী ৰূপ ধাৰণ কৰিছে কৰোণা ভাইৰাছে। ইতিমধ্যে কেইবাগৰাকীয়ো ৰাজনৈতিক নেতা, অভিনেতা কৰোণা ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে।
ইয়াকে লৈ উদ্বিগ্ন হৈ পৰিছে সাধাৰণ জনতা।
কভিড ১৯ৰ বৰ্ধিত হাৰ নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰি থকা পৰিলক্ষিত হৈছে।