নিউজ ডেস্কঃ বিশ্বৰ আটাইতকৈ দীঘল ছাস্পেনছন দলঙৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে। তুৰ্কীত নিৰ্মাণ কৰা হৈছে এইখন দলং পৃথিৱীৰ আটাইতকৈ দীঘল ছাস্পেনছন দলং। তুৰ্কীৰ ৰাষ্ট্ৰপতি তায়ীপ এৰডগানে এছিয়া আৰু ইউৰোপৰ মাজত এই বিশাল আকাৰৰ দলংখনৰ উদ্বোধন কৰে। তুৰ্কীৰ ইউৰোপিয়ান আৰু এছিয়ান পৰ্টসমূহ সংযোগ কৰা এই দলংখনৰ নামত ব্যয় কৰা হৈছে ১.৮ বিলিয়ন ডলাৰ।

উল্লেখ্য যে, ৰাষ্ট্ৰপতি এৰডগানৰ এ কে দলটো প্ৰথমবাৰলৈ শাসনলৈ আহিছিল ২০০২চনত। তাৰপাছত ইষ্টানবুলৰ বস্ফোৰাছ ষ্ট্ৰেইটৰ তলত নতুন বিমান বন্দৰ, ৰেল আৰু পথ সুৰংগ, দলং আদি বৃহৎ প্ৰকল্পসমূহ সম্পন্ন কৰা হৈছে।

দলংখনৰ উদ্বোধন কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে- ‘ এই দলংখনৰ দ্বাৰা বহু বছৰলৈ সৰ্বসাধাৰণ ৰাইজ লাভৱাম্বিত হ’ব।’ এই দলংখনৰ নাম আৰু উদ্বোধনৰ তাৰিখ ১৮ মাৰ্চ আৰু এই দলংখনে ১৮ মাৰ্চ, ১৯৫১চনত হোৱা প্ৰথম বিশ্ব যুদ্ধৰ গেলীপোলী অভিযানৰ অন্তৰ্গত অটোমন সৈনিকৰ জয়ক স্মৰণ কৰি থাকিব বুলিও উল্লেখ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে।

উল্লেখযোগ্য যে, এই দলংখনৰ টাৱাৰ সমূহ ৩১৮ মিটাৰ ওখ আৰু দলংখনৰ সম্পূৰ্ণ দৈৰ্ঘ্য ৪.৬ কিলোমিটাৰ। ইয়াৰ পূৰ্বে দলংখন নথকাৰ বাবে অনাটোলিয়া আৰু গেলীপোলী পেনিনছুলাৰ মাজত যাত্ৰা কৰা বাহন সমূহে নাৱৰ জৰিয়তে ইপাৰৰ পৰা সিপাৰ হ’বলৈ প্ৰয়োজন হৈছিল প্ৰায় এঘন্টা সময়। কিন্তু এতিয়া এই দলংখনৰ বাবে ইপাৰৰ পৰা সিপাৰ হ’বলৈ প্ৰয়োজন হ’ব মাত্ৰ ৬ মিনিট সময়ৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply