নিউজ ডেস্কঃ বিবিচিৰ বৰ্ষশ্ৰেষ্ঠ মহিলা খেলুৱৈ বঁটাৰ বাবে দেশৰ পাঁচগৰাকী ক্ৰীড়াবিদে মনোনয়ন লাভ কৰিছে। তাৰে ভিতৰত অসমৰ বক্সাৰ লাভলীনা বৰগোঁহাইৰ নামো অন্তৰ্ভুক্ত। টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰ্তমান ভাৰতীয় ক্ৰীড়াক্ষেত্ৰৰ এক উজ্জ্বল তাৰকা হৈ পৰিছে।
এইবাৰ লাভলীনা সন্মানীয় বিবিচিৰ শ্ৰেষ্ঠ ক্ৰীড়াবিদৰ দৌৰত স্থান লাভ কৰি আন এক গৌৰৱ কঢ়িয়াই আনিছে।
লাভলীনাৰ লগতে বৰ্ষশ্ৰেষ্ঠ ক্ৰীড়াবিদৰ মনোনয়নত স্থান লাভ কৰা আন কেইগৰাকী ভাৰতীয় খেলুৱৈ হৈছে দুবাৰকৈ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধু, টকিঅ’ অলিম্পিকত ভাৰোত্তোলনত ৰূপৰ পদক বিজয়ী মণিপুৰৰ মীৰাবাঈ চানু, গ’ল্ফাৰ অদিতি অশোক আৰু পেৰা অলিম্পিকত পদক জয়ী অৱনী লেখাৰা।
ক্ৰীড়া সাংবাদিক, বিশেষজ্ঞ, ক্ৰীড়া নিবন্ধকাৰৰ দ্বাৰা গঠিত জুৰীয়ে এই পাঁচগৰাকীৰ নাম মনোনয়ন কৰিছে।
এই বঁটাৰ বাবে ২৮ফেব্ৰুুৱাৰীলৈকে অনলাইন ভোটিং চলি থাকিব। ২৮ মাৰ্চত হ’বলগীয়া অনুষ্ঠানত বিজয়ী সকলৰ নাম ঘোষণা কৰিব।
উল্লেখ্য যে, ৰাজ্যৰ প্ৰথম গৰাকী অলিম্পিক পদক বিজয়ী লাভলীনাই ইতিমধ্যে দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যানচাঁদ খেলৰত্ন বঁটা লাভ কৰিছে।