নিউজ ডেস্কঃ পুনৰ বিতৰ্কত পঞ্জাৱ বিশ্ববিদ্যালয়। এইবাৰ আত্মহত্যাৰ ঘটনাক কেন্দ্ৰ কৰি বিশ্ববিদ্যালয়খনত বিক্ষোভ আৰম্ভ হ’ল । পঞ্জাৱৰ পাগৱাৰাৰ লাভলী প্ৰফেশ্ব’নেল বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰই মঙলবাৰে আবেলি আত্মহত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। ছাত্ৰজনে হঠাতে কিয় আত্মহত্যা কৰিলে তাৰ সঠিক তদন্তৰ দাবীত ছাত্ৰ-ছাত্ৰীসকলে নিশা লৈকে প্ৰতিবাদ সাব্যস্ত কৰিছিল। আজি ৰাতিপুৱা, ছাত্ৰ-ছাত্ৰীসকলে বিশ্ববিদ্যালয় চৌহদ উত্তাল কৰি তোলে।
জানিব পৰা মতে, মৃত ব্যক্তিজন অগ্নি এছ দিলীপ (২৪) বুলি চিনাক্ত কৰা হৈছে। তেওঁ কেৰালাৰ বাসিন্দা। লাভলী প্ৰফেশ্ব’নেল বিশ্ববিদ্যালয়ত B.Design ত অধ্যয়ন কৰি আছিল। মঙলবাৰে আবেলি তেওঁৰ মৃতদেহ হোষ্টেলৰ কোঠাত ওলমি থকা অৱস্থাত পোৱা গৈছিল। ছাত্ৰ-ছাত্ৰীসকলে আত্মহত্যাৰ বিষয়ে গম পোৱাৰ লগে লগে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ পূৰ্বেও কিছুদিন পূৰ্বে বিশ্ববিদ্যালয়খনত আৰু এগৰাকী ছাত্ৰই আত্মহত্যা কৰিছিল। ১০ দিনত দুজন শিক্ষাৰ্থীয়ে আত্মহত্যা কৰাৰ ঘটনাই বিশ্ববিদ্যালয়খনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। দুজন শিক্ষাৰ্থীয়ে কিয় একেৰাহে আত্মহত্যা কৰিছিল তাৰ পুংখানুপুংখ তদন্ত কৰাটো দাবী কৰিছে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে।
অৱশ্যে, আৰক্ষীয়ে জনোৱা অনুসৰি, ব্যক্তিগত সমস্যাৰ বাবে ছাত্ৰজন মানসিকভাৱে ভাগি পৰিছিল। কাপুৰথালা আৰক্ষীয়ে টুইট যোগে লিখে, “লাভলী প্ৰফেশ্বনেল বিশ্ববিদ্যালয়ৰ B.Design বিভাগৰ এজন প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীয়ে মঙলবাৰে আবেলি আত্মহত্যা কৰিছে। প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পোৱা অনুসৰি ছাত্ৰজনে কোনো ব্যক্তিগত সমস্যাৰ বাবে আত্মহত্যা কৰিছিল। মৃতদেহৰ কাষত এখন চুইচাইড নোটো উদ্ধাৰ কৰা হৈছে। চুইচাইড নোটখনত তেওঁৰ ব্যক্তিগত সমস্যাৰ কথা উল্লেখ কৰা আছিল।