নিউজ ডেস্ক : দেশত ক’ভিডৰ দ্বিতীয়টো ঢৌৰ শক্তি ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে। পাঁচ মাহ পিছত যোৱা ২৪ ঘন্টাত দেশত ক’ভিডত সবাতোকৈ কম লোক নতুনকৈ আক্রান্ত হৈছে। অৱশ্যে যোৱা ২৪ ঘণ্টাত দেশত মৃত্যুৰ মুখত পৰিছে ৩৭৩ জন ক’ভিড ৰোগী। দেশত বৰ্তমান ক’ভিডত আক্রান্ত হৈ থকা লোকৰ সংখ্যা ৪ লাখৰ তললৈ নামিছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ২৮ হাজাৰ ২৮ জন লোক। পাঁচ মাহ পিছত দেশত ২৪ ঘণ্টাৰ ভিতৰত ইমান কম সংখ্যক লোক ক’ভিডত আক্রান্ত হৈছে। ইয়াৰ পূৰ্বে যোৱা ১৫ মাৰ্চত দেশত ২৪ ঘণ্টাৰ ভিতৰত ২৪ হাজাৰ ৪৯২ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছিল।

যোৱা ২৪ ঘন্টাত দেশত ক’ভিডত আক্রান্ত সংখ্যা হ্ৰাস পোৱাৰ সমান্তৰালে হ্ৰাস পাইছে মৃতকৰ সংখ্যাও। যোৱা ২৪ ঘণ্টাত দেশত মৃত্যুৰ মুখত পৰিছে ৩৭৩ জন ক’ভিড ৰোগী। আনহাতে দেশত যোৱা ২৪ ঘন্টাত ক’ভিডক পৰাস্ত কৰি সুস্থ হৈ উঠা লোকৰ সংখ্যা হৈছে ৪১ হাজাৰ ৫১১ জন।

লগতে পঢ়ক :  গছ-লতাৰে ভৰি পৰিছে বিদ্যুতৰ খুটা!কাণসাৰ নাই বিদ্যুৎ বিভাগৰ

যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যাতকৈ সুস্থ হৈ উঠা লোকৰ সংখ্যা ১৩ হাজাৰ ৬৮০ জন অধিক। যোৱা ২৪ ঘণ্টাত সমগ্ৰ দেশৰ ভিতৰতে সৰ্বাধিক লোক ক’ভিডত আক্রান্ত হৈছে কেৰেলাত। ১৩ হাজাৰ ৪৯ জন লোক কেৰেলাত যোৱা ২৪ ঘণ্টাত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,286 other subscribers

Leave a comment

Leave a Reply