নিউজ ডেস্কঃ হোটেল,ৰেষ্টুৰাৰ ব্যৱসায়ী সকলৰ বাবে সুখবৰ। প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম ১৩৫টকাকৈ হ্ৰাস পালে। আজিৰে পৰা ১৯কেজি চিলিণ্ডাৰৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব এই মূল্য। মূল্য হ্ৰাসৰ লগে লগে দিল্লীত ২৩৫৪ টকাৰ পৰিৱৰ্তে ২২১৯ টকাত, কলকাতাত ২৪৫৪ টকাৰ পৰা ২৩২২ টকালৈ, মুম্বাইত ২৩০৬ টকাৰ পৰিৱৰ্তে ২১৭১.৫০ টকা আনহাতে চেন্নাইত ২৫০৭ টকাৰ পৰিৱৰ্তে ২৩৭৩ টকাত উপলব্ধ হ’ব প্ৰতিটো ১৯ কেজিৰ এল পি জি চিলিণ্ডাৰ। উল্লেখ্য যে, ১মে’ত ১০০ টকাকৈ বৃদ্ধি হৈছিল চিলিণ্ডাৰৰ মূল্য।
পিছে ঘৰুৱা চিলিণ্ডাৰৰ ক্ষেত্ৰত এতিয়াও মূল্য হ্ৰাস হোৱা নাই। মে’ মাহত ঘৰুৱা চিলিণ্ডাৰৰ দাম দুবাৰকৈ বৃদ্ধি পাইছিল। ৭ মে’ত ১৪.২ কেজি চিলিণ্ডাৰৰ মূল্য ৫০ টকা আৰু ১৯ মে’ত ৩.৫০ টকা বৃদ্ধি পাইছিল।