নিউজ ডেস্কঃ ৰেষ্টুৰেন্ট বা হোটেলত খাদ্য খাবলৈ পূৰ্বতকৈ অধিক ধন ব্যয় কৰিব লাগিব পাৰে। কিয়নো মাৰ্চ মাহৰ প্ৰথমটো দিনতে বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য। কেন্দ্ৰীয় চৰকাৰে ১ মাৰ্চৰ পৰা ১৯ কিলোগ্ৰামৰ বাণিজ্যিক ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰত ১০৫ টকাকৈ বৃদ্ধি কৰিছে।

দিল্লীত বাণিজ্যিক এলপিজি ১০৫ টকা আৰু কলকাতাত ১০৮ টকাকৈ বৃদ্ধি পাইছে। তদুপৰি ৫ কিলোগ্ৰামৰ বাণিজ্যিক এলপিজি চিলিণ্ডাৰত ২৭ টকাকৈ বৃদ্ধি কৰা হৈছে।

অৱশ্যে ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰা হোৱা নাই। উল্লেখ্য যে, দিল্লীত এতিয়া বাণিজ্যিক এলপিজি চিলিণ্ডাৰ এটা ২০১২টকাত ক্ৰয় কৰিব লাগিব। আৰু ৫ কিলোগ্ৰামৰ বাণিজ্যিক এলপিজি ক্ৰয় কৰিব লাগিব ৫৬৯ টকাত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply