নিউজ ডেস্কঃ দেশত পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য। তেল কোম্পানীবোৰে এইবাৰ ২৫.৫০ টকাকৈ বৃদ্ধি কৰিলে ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ মূল্য।

আনহাতে বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৭৬ টকালৈ বৃদ্ধি কৰিছে।

বৃদ্ধিৰ লগে লগে বৰ্তমান গুৱাহাটীত এটা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য হ’লগৈ ৮৮৩.৫০ টকা।

ইফালে দিল্লীত এটা ৰাজসাহায্যবিহীন ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হ’ল ৮৩৪.৫০টকা, পূৰ্বে প্ৰতিটো চিলিণ্ডাৰৰ মূল্য আছিল ৮০৯টকা।

আৰু পঢ়কঃবাঘজান কাণ্ড : ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ ভূমিকাক লৈ মুঠেই সন্তুষ্ট নহয় উচ্চতম ন্যায়ালয়

চলিত বৰ্ষটোতে ৬মাহত ১৪০টকালৈ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য। ইয়াৰ পূৰ্বে ১মে’ত তেল কোম্পানীবোৰে ৰন্ধন গেছৰ মূল্য বৃদ্ধি কৰিছিল।

এপ্ৰিল মাহত চিলিণ্ডাৰৰ দাম ১০টকা হ্ৰাস কৰিছিল যদিও ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত পুনৰ চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply