নিউজ ডেস্কঃ নতুন মাহৰ আৰম্ভ হোৱাৰ দিনটোত অৰ্থাৎ ১ মে’ৰ পৰা বৃদ্ধি পালে এলপিজি চিলিণ্ডাৰৰ মূল্য। আজিৰ দিনটোত প্ৰতিটো এলপিজি চিলিণ্ডাৰত ১০২.৫০ টকাকৈ বৃদ্ধি পালে। অৱশ্যে এই মূল্যবৃদ্ধি ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ ক্ষেত্ৰত হোৱা নাই।

নতুন মূল্য অনুসৰি, আজিৰ পৰা ১৯ কিলোগ্ৰামৰ কমাৰ্চিয়েল অৰ্থাৎ বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ২২৫৩ টকাৰ পৰা ২৩৫৫.৫০ টকালৈ বৃদ্ধি পালে। ঠিক একেদৰে ৫ কিলোগ্ৰামৰ এলপিজি চিলিণ্ডাৰৰ মূল্য ৬৫৫ টকালৈ বৃদ্ধি পাইছেগৈ।

উল্লেখযোগ্য যে, ১ এপ্ৰিলতো প্ৰতিটো এলপিজি চিলিণ্ডাৰত ২৫০ টকাকৈ বৃদ্ধি কৰা হৈছিল। আৰু তাৰ পূৰ্বে ১ মাৰ্চত ১০৫ টকাকৈ বৃদ্ধি কৰা হৈছিল চিলিণ্ডাৰৰ মূল্য।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply