নিউজ ডেস্কঃ জনতাৰ মূৰত মাধমাৰ সোধাই পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য। প্ৰতিটো ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰত বৃদ্ধি পালে ৩ টকা ৫০ পইচাকৈ। আনহাতে প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত বাঢ়িল ৮ টকাকৈ। মূল্য বৃদ্ধিৰ লগে লগে প্ৰতিটো ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যই ১০০০ টকা অতিক্ৰম কৰে। ৰাজধানী দিল্লীত প্ৰতিটো ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৰ্তমান ১০০৩টকা, কলকাতাত ১০২৯টকা, চেন্নাইত ১০১৮.৫ টকা হয়গৈ।
লগতে পঢ়কঃডলু চাহ বাগিচা, গুৱাহাটীৰ শিলসাকোঁৰ উচ্ছেদৰ বিৰুদ্ধে বোকাখাতত ঐক্যবদ্ধ প্ৰতিবাদ
আনহাতে দিল্লীত প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ২৩৫৪টকা, কলকাতাত ২৪৫৪টকা, মুম্বাইত ২৩০৬টকা আৰু চেন্নাইত মূল্য হয়গৈ ২৫০৭টকা। উল্লেখ্য যে, ৭মে’ত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১০টকা হ্ৰাস হৈছিল।
আনহাতে ১ এপ্ৰিলত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ২৫০ টকা বৃদ্ধি কৰা হৈছিল। ইয়াৰ পূৰ্বে, ২০২২ চনৰ ১ মাৰ্চত বাণিজ্যিক এলপিজিৰ মূল্য ১০৫ টকা বৃদ্ধি কৰা হৈছিল। অৰ্থাৎ যোৱা কেইবামাহধৰি গেছ চিলিণ্ডাৰৰ মূল্য অবিৰতভাৱে বৃদ্ধি হৈ আছে।