নিউজ ডেস্ক : ভাৰতীয় সেনাবাহিনীৰ নতুন উপ প্ৰধান হিচাপে দায়িত্বভাৰ গ্ৰহণ লেফটেনেন্ট জেনাৰেল মনোজ পাণ্ডেৰ। মঙলবাৰে লেফটেনেণ্ট জেনাৰেল চি পি মোহান্তিৰ স্থানত পাণ্ডেই দায়িত্বভাৰ লয়।
নতুন দায়িত্বভাৰ গ্ৰহণ কৰাৰ পূৰ্বে পাণ্ডে সেনাবাহিনীৰ ইষ্টাৰ্ন আৰ্মি কমাণ্ডাৰৰ দায়িত্বত আছিল।
আনহাতে, লেফটেনেণ্ট জেনাৰেল আৰ পি কলিতাক কলিকতাত মুখ্য কাৰ্য্যালয়স্থিত ইষ্টাৰ্ন আৰ্মি কমাণ্ডৰ নতুন প্ৰধান হিচাপে নিয়োগ কৰা হয়। ইয়াৰ পূৰ্বে কলিতা সেনা বাহিনীৰ কেইবাটাও গুৰুত্বপূৰ্ণ দায়িত্বত আছিল।
উপ প্ৰধানৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতে লেফটেনেন্ট জেনাৰেল মনোজ পাণ্ডেয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত উপস্থিত হৈ শ্বহীদ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
উল্লেখযোগ্য যে সেনা বাহিনীত আগবঢ়োৱা সেৱাৰ বাবে পাণ্ডেক পৰম বিশিষ্ট সেৱা মেডেল, অতি বিশিষ্ট সেৱা মেডেল, বিশিষ্ট সেৱা মেডেল আদিৰে সন্মানিত কৰা হৈছিল।
প্ৰাক্তন উপ প্ৰধান লেফটেনেণ্ট জেনাৰেল চি পি মোহান্তিয়ে সোমবাৰে নিজ দায়িত্বৰ পৰা অৱসৰ গ্ৰহণ কৰে।
লগতে পঢ়ক –