অসম সন্তান লেঃ জেনেৰেল ৰাণাপ্ৰতাপ কলিতাই ইষ্টাৰ্ণ কমাণ্ডৰ জেনেৰেল অফিচাৰ কামাণ্ডিং (জি অ’ চি) হিচাপে দায়িত্ব গ্ৰহণ কৰিলে। ভাৰতীয় সেনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ তথা সন্মানীয় কমাণ্ড হিচাপে পৰিচিত এই ইষ্টাৰ্ণ কমাণ্ডৰ জেনেৰল অফিচাৰ কমাণ্ডিং হিচাপে দায়িত্ব গ্ৰহণ কৰে। এই দায়িত্বত অধিস্থিত হোৱা ৰাণাপ্ৰতাপ কলিতা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ব্যক্তি।


মঙ্গলবাৰে কলকাতাৰ ফ’ৰ্ট উইলিয়ামত থকা ইষ্টাৰ্ণ কমাণ্ডৰ সদৰ কাৰ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত লেঃ জেনেৰেল কলিতাই আনুষ্ঠানিকভাৱে এই দায়িত্ব গ্ৰহণ কৰে। দায়িত্ব গ্ৰহণ কৰি লেঃ জেনেৰেল কলিতাই ফ’ৰ্ট উইলিয়ামৰ পেৰেড গ্ৰাউণ্ডত ছহিদসকলৰ স্মাৰক হিচাপে নিৰ্মিত বিজয় স্মাৰকত শ্ৰদ্ধা জ্ঞাপন কৰি নিজ কাৰ্যালয়ত প্ৰৱেশ কৰে।

সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ GOC in Chief হিচাবে দায়িত্ব লোৱা প্ৰথম গৰাকী অসমীয়া লেঃ জেনেৰেল।উল্লেখযোগ্য যে সেনাৰ ইষ্টাৰ্ণ কমান্ডে কলকতাৰ মুখ্য কাৰ্যালয়ৰ পৰা চীন,নেপাল, ভূটান,ম্যানমাৰ আৰু বাংলাদেশৰ সৈতে সংলগ্ন দেশৰ সীমান্তৰ লগতে সংশ্লিষ্ট দেশ সমূহৰ সামৰিক কুচকাৱাজ আদিও নিৰীক্ষণ কৰে।

লগতে পঢ়ক- মহানগৰীৰ আশে পাশে থকা জলাশয় বোৰ কিমান সূৰক্ষিত আৰু সংৰক্ষিত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply