নিউজ ডেস্কঃ ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধৰ মাজত আৱদ্ধ হৈ আছে ভাৰতীয় হাজাৰ হাজাৰ নাগৰিক। ইউক্ৰেইনৰ পৰিস্থিতি ক্ৰমান্বয়ে ভয়াৱহ হৈ গৈ আছে। তাৰ মাজতে ছচিয়েল মিডিয়াত বহু ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত দেখা গৈছে ইউক্ৰেইনত আৱদ্ধ নাগৰিকসকলে বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলে ভাৰত চৰকাৰক সহায়ৰ বাবে আহ্বান জনাইছে।

ইফালে, লক্ষ্ণৌৰ এগৰাকী ছাত্ৰীয়ে ইউক্ৰেইনৰ পৰা ভিডিঅ’ যোগে মোডী চৰকাৰ আৰু যোগী আদিত্য নাথ চৰকাৰক সহায়ৰ বাবে অনুৰোধ জনাইছে। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে টুইটাৰত শ্বেয়াৰ কৰিছে এই ছাত্ৰীগৰাকীৰ ভিডিঅ’টো।

প্ৰিয়ংকা গান্ধীয়ে প্ৰধানমন্ত্ৰী মোডী আৰু বিদেশ মন্ত্ৰীক টেগ কৰি ইউক্ৰেইনত আৱদ্ধ ছাত্ৰ-ছাত্ৰীসকলক শীঘ্ৰেই স্বদেশলৈ ঘূৰাই অনাৰ বাবে আহ্বান জনায়।

আনহাতে, ভিডিঅ’টোত ছাত্ৰীগৰাকীয়ে নিজৰ পৰিচয় দি কয় যে- মোৰ নাম গৰবা মিশ্ৰা। মই লক্ষ্ণৌৰ নিবাসী। আমি এতিয়া কীৱত আছো। কিন্তু আমি কোনো ধৰণৰ সহায় লাভ কৰা নাই। আমি এম্বেছীত ফোন কৰিছো কিন্তু ফোন ধৰা নাই…। আমাক যিকোনো প্ৰকাৰে ইয়াৰ পৰা লৈ যোৱাৰ ব্যৱস্থা কৰক। নহ’লে মই নাভাবো যে আমি জীয়াই থাকিম…’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply