নিউজ ডেস্কঃ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান কোৰোনাত আক্ৰান্ত হৈছে। ইতিমধ্যে ছচিয়েল মিডিয়াযোগে খোদ এই কথা সদৰি কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী গৰাকীয়ে। মঙলবাৰে কোৰোনা পজিটিভ ধৰা পৰা বুলি উল্লেখ কৰি শিৱৰাজ সিং চৌহানে কয় যে- মই আৰটিপিচিআৰ পৰীক্ষা কৰাৰ পাছত মোৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে।
লগতে তেওঁ টুইটাৰত লিখিছে- ‘মোৰ দেহত সামান্য কোৰোনাৰ লক্ষণ ধৰা দিছে। কোভিড-১৯ গাইডলাইন পালন কৰি মই নিজকে আইছলেচনত ৰাখিছো। আগন্তুক যিমানবোৰ কাৰ্যসূচী আছে সেইবোৰ মই ভাৰ্ছুৱেলী অংশগ্ৰহণ কৰিম। অহা কালি মই শিৰোমণি ৰবিদাস জয়ন্তী কাৰ্যসূচীতো মই ভাৰ্ছুৱেলীয়ে অংশগ্ৰহণ কৰিম।’

উল্লেখ্য যে, দেশত লাহে লাহে কোৰোনাৰ সংক্ৰমণ হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। মঙলবাৰে স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা ২৪ ঘন্টাত ভাৰতত নতুনকৈ কোভিড-১৯ত আক্ৰান্ত হৈছে ২৭,৪০৯জন লোক। ইফালে, এই সময়চোৱাত ৮২,৮১৭জন লোক আৰোগ্য হোৱাৰ বিপৰীতে প্ৰাণ হেৰুৱাইছে ৩৪৭জন লোকে।