নিউজ ডেস্কঃ এক ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হৈছে মধ্যপ্ৰদেশত। ৰাজ্যখনৰ মণ্ডলা জিলাত এহাল বৃদ্ধ দম্পতী আৰু তেওঁলোকৰ নাবালিক নাতিনীক হত্যা কৰে অজ্ঞাত লোকে।

হত্যাকাৰীয়ে মহিলাগৰাকীক হত্যা কৰি মুণ্ড গছত ওলমাই দিয়ে। আৰক্ষীয়ে জনোৱা মতে, মঙলবাৰে পুৱা স্থানীয় লোকে ৬২ বছৰীয়া বৃদ্ধ, তেওঁৰ ৫৭ বছৰীয়া পত্নী আৰু ১২ বছৰীয়া নাতিনীৰ মৃতদেহ প্ৰত্যক্ষ কৰে।

তাৰপাছত স্থানীয় লোকে খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। অতিৰিক্ত আৰক্ষী অধীক্ষক গজেন্দ্ৰ সিং কৱৰে কয়- মোহগাঁও থানাৰ অন্তৰ্গত পটাদেই গাঁৱত মঙলবাৰে মাজনিশা হত্যাকাৰীয়ে বৃদ্ধ দম্পতীহালৰ ডিঙি কাটি হত্যা কৰে।

মহিলাগৰাকীৰ মুণ্ড কাটি বাসগৃহৰ পৰা কিছুদূৰৈত খেতিৰ মাজত গছত ওলমাই থয় বুলি জনালে আৰক্ষী বিষয়াগৰাকীয়ে। আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply